লখিমপুৰৰ ন-আলি ঘনচৰাইত সোৱণশিৰিৰ খহনীয়াত ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 223

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি পুৱাৰ ভাগতে লখিমপুৰ জিলাৰ তেলীয়াপথাৰ ঘনচৰাই অঞ্চলত সোৱণশিৰি নদীৰ খহনীয়াই ভীমপৰা – ন-আলি মথাউৰিৰ ক্ষতি কৰা অঞ্চল পৰিদৰ্শন কৰি বিভাগীয়ভাৱে কৰি থকা কামৰ বুজ লয় । লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ সৈতে মন্ত্ৰী হাজৰীকাই অঞ্চলটো পৰিদৰ্শন কৰি উপস্থিত ৰাইজক খহনীয়াত ক্ষতি হোৱা মথাউৰিটো ৰক্ষা কৰিবলৈ বিভাগীয় ভাৱে সকলো ব্যৱস্থা লোৱা হ’ব বুলি আস্বাস প্ৰদান কৰে । আনহাতে উপস্থিত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে অঞ্চলটোত খহনীয়া ৰোধৰ বাবে ইতিমধ্যে ১০ কোটি টকাৰ প্ৰকল্প অনুমোদন হৈছে আৰু প্ৰকল্পৰ প্ৰায় ১০ % কাম শেষো হৈছিল । পৰৱৰ্তী সময়ত নদীত পানীৰ পৰিমাণ বৃদ্ধি হোৱা বাবে স্থায়ী প্ৰতিৰোধৰ কাম বন্ধ ৰাখি জৰুৰী মেৰামতিৰ কাম চলাই থকা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । মন্ত্ৰী গৰাকীয়ে কয় যে পানীৰ পৰিমাণ বেছি হৈ থাকিলে স্থায়ী প্ৰতিৰোধৰ কাম কৰিলে কামৰ মান ভাল নহয় আৰু পুঁজি নষ্ট হোৱাৰহে আশংকা থাকে, ফলত পানীৰ পৰিমাণ বেছি হোৱাৰ লগে লগে স্থায়ী কাম বন্ধ ৰাখি জৰুৰীভাৱে খহনীয়া ৰোধৰ কাম কৰি থকা হৈছে । আনহাতে নদীৰ পানী কমি যোৱাৰ লগে লগে অঞ্চলটোত স্থায়ী খহনীয়া ৰোধৰ কাম পুনৰ আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।

আজিৰ মথাউৰি পৰিদৰ্শনৰ সময়ত সাংবাদিকে মথাউৰি মেৰামতিৰ কামৰ মানৰ ওপৰত প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে কয় যে এতিয়া আৰু কাম নকৰি বা কাম বেয়াকে কৰি টকা উলিওৱাৰ দিন নাই । বাৰিষাৰ সময়ত জৰুৰীভাৱে মথাউৰিৰ মেৰামতি কৰা কামবোৰ সাধাৰণতে অস্থায়ী প্ৰকৃতিৰ হয় আৰু ই দীৰ্ঘদিনৰ বাবে ফলপ্ৰসূ নহয় বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে এই অস্থায়ী কামবোৰক খৰালি দিনত কৰা স্থায়ী কামৰ সৈতে তুলনা কৰাতো যুগুত নহয় । আনহাতে ঘনচৰাইত সোৱণশিৰিৰ মথাউৰিটো খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তা কৰ্মচাৰীসকলে যথেষ্ট প্ৰয়াস কৰি থকাৰ কথা উল্লেখ কৰি মথাউৰি ৰক্ষা কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাস কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.