বসন্ত ঋতুৰ আগমনে প্রকৃতিক মনোমহা কৰাৰ সন্ধিক্ষণতে মানুহৰ মন সাগৰ আনন্দ-উৎসাহত প্ৰানৱন্ত হৈ পৰে আৰু এই শুভক্ষণতে অন্তৰত ধর্মীয় ভাৱাদৰ্শও প্রকট হয়। সময়ৰ এনে শুভ মুহুর্ততে উপৰহালী ৰাইজ গয়ৰহে উপৰহালী গাঁৱৰ জন্ম লগ্নৰে পৰা ধৰ্মীয় তথা পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে বার্ষিক সুঁৱৰী উৎসৱ।এইবেলিও ১৪, ১৫, ১৬ আৰু ১৭ এপ্রিলত চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উপৰহালী ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰী ভাঙাৰা-গোঁপাল গোসাঁইঘৰত ৰাজহুৱাভাৱে সুঁৱৰি উৎসৱ উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে বুলি জানিবলৈ দিছে ৰাইজ গয়ৰহৰ পৰিচালনা সমিতিয়ে।কাৰ্যসূচী অনুসৰি ১৪ এপ্ৰিলৰ পুৱা ১০ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰিব ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়াই।১০.৩০ বজাত বন্তি প্ৰজ্বলন কৰিব ৰাইজ গয়ৰহৰ সা: সম্পাদক পবিত্ৰ কুমাৰ তালুকদাৰ আৰু সদস্য বৃন্দই। ইয়াৰ পিছতে উপৰহালী গাঁওবাসীৰ প্ৰয়াত শ্ৰদ্ধাৰ ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পন। সন্ধিয়া ৭ বজাত আয়তীসকলৰদ্বাৰা নাম প্ৰসঙ্গ।নিশা ৭ বজাৰ পৰা দধি মন্থনৰ পূৰ্ণ আখৰা প্ৰদৰ্শন হব। সেইদৰে ১৫ এপ্ৰিলত পুৱা ৯ বজাত গোপিনী সহিতে ১০৮ গৰাকী অ-কুমাৰী বালিকাৰে শোভাযাত্ৰা আৰু ৰাজহুৱা পুখুৰীৰ পৰা ঘট বুৰণ।বালিকাৰ শোভাযাত্ৰা উদ্বোধন কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই।সন্ধিয়া ৬ বজাত গোপিনীসকলৰ অধিবাস আৰু ৰাইজৰ মঙ্গলাৰ্থে হোমাহুতি।সন্ধিয়া ৭ বজাত আয়তীসকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হব। ১৬ এপ্ৰিলত পুৱা ৬ বজাত গোপিনীসকলৰ প্ৰাত:স্নানৰ পিছতে ঘট বুৰণ। দুপৰীয়া ১২ বজাত উপৰহালী বালিকা স্কুলৰ পৰা ঋষিসৱৰ যজ্ঞশাললৈ শোভাযাত্ৰা।ঋষিসৱৰ শোভাযাত্ৰা উদ্ধোধন কৰিব ৰাইজ গয়ৰহৰ উপদেষ্টা প্ৰদীপ তালুকদাৰে। ১২.৩০ বজাত উপৰহালী ছোৱালী এম.ই. স্কুলৰ পৰা শোভাযাত্ৰা কৰি গোপিনীসকলৰ গোঁসাইঘৰ প্ৰাঙ্গণত থকা দধিশালত প্ৰৱেশ। গোপিনীৰ শোভাযাত্ৰা উদ্বোধন কৰিব ৰাইজ গয়ৰহৰ উপদেষ্টা প্ৰফুল্ল ঠাকুৰীয়াই।দিনৰ ১.৩০ বজাত উপৰহালী চিলাৰায় ভৱনৰ পৰা শোভাযাত্ৰা কৰি গোপালসকলৰ গোঁসাই ঘৰত প্ৰৱেশ।গোপালৰ শোভাযাত্ৰা উদ্বোধন কৰিব ৰাইজ গয়ৰহৰ উপদেষ্টা গজিন ঠাকুৰীয়াই। আবেলি ৪ বজাৰ পৰা অতিথিবৃন্দক সম্বৰ্ধনা ও অভ্যৰ্থনা। ৪.৩০ বজাত হা-ডু-ডু (হুদু-গুডু) খেল পৰিচালনা পৰিচালনা কৰিব বৈকুণ্ঠ ঠাকুৰীয়া আৰু লক্ষী ঠাকুৰীয়াই। নিশা ৭ বজাত গোপাল ঋষিসকলৰদ্বাৰা সদাশয় পৰিয়ালবৰ্গৰ নিমন্ত্ৰণ গ্ৰহণ। নিশা ৯ বজাত ত্ৰিকাল নাট্য পৰিষদৰদ্বাৰা যাত্ৰাভিনয়। ১৭ এপ্ৰিলত পুৱা ১০ বজাত প্ৰীতি সন্মিলন ও প্ৰসাদ বিতৰণ। দিনৰ ১.৩০ বজাত উপৰহালী চিলাৰায় ভৱনত সমূহীয়া প্ৰীতিভোজ হ’ব। উক্ত সুঁৱৰী উৎসৱৰ আটাইকেইদিনৰ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰিছে উপৰহালী ৰাইজ গয়ৰহৰ পৰিচালনা সমিতিয়ে।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers