এইবাৰ বিশ্বত নাম উজলাব অসমৰ ধানে

0 366

১৮ শতিকাৰ পৰা এবিধ জনপ্ৰিয় জলপান। জলপান বিধ তৈয়াৰ কৰা হয় এবিধ বিশেষ ধানেৰে। কিন্তু দুখৰ বিষয় যে বৰ্তমান কম সংখ্যক প্ৰজন্মইহে বিশেষ ধান বিধৰ সম্পৰ্কে জ্ঞাত।
 
 
দেখাত সৰু সৰু কণীৰ সাদৃশ্য থকাৰ বাবেই এই ধানবিধক কণী ধান হিচাপে জনা যায় । অসমৰ বিভিন্ন ঠাইত কণী ধান বিভিন্ন প্ৰকাৰৰ পোৱা যায়।সাধাৰণতে আজিৰ পৰা ৩০-৪০ বছৰৰ আগতে কণীধানৰ খেতি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাকেইখনত অধিকভাৱে উৎপাদন হৈছিল।
 
 
লখিমপুৰ,ধেমাজি, মাজুলী,যোৰহাট, বোকাখাত আদি এসময়ত কণীধানৰ খেতি হৈছিল।আনহাতে  কণী ধানৰ সাদৃশ্য থকা আন ধান হ’ল মাৰুৱা ধান। এই মাৰুৱা ধানৰ খেতি নামনি ব্ৰহ্মপুত্ৰ উপত্যকাত উৎপাদন হয় বুলি জনা যায়।
 
 
ইয়াৰ ভিতৰত চিৰাং,বঙাইগাঁও, কাৰ্বি আংলং , গোসাইগাঁৱ অন্যতম। মাৰুৱা ধানত প্ৰ’টিন, কাৰ্বহাইড্ৰেট  বহু পৰিমাণে পোৱা যায়। জানিব পৰা মতে কেন্সাৰ ৰোগ প্ৰতিৰোধক,বহুমূত্ৰ ৰোগৰ নিয়ন্ত্ৰণ এইবিধ ধানবিধে কৰে। যিবোৰ মাটিত বেলেগ শস্য বাবে উপযোগী নহয়, তেনেবোৰ ঠাইত কণীধান অথবা মাৰুৱা ধান খেতিৰ বাবে উপযোগী বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
 
 
এই সম্পৰ্কে আঞ্চলিক কৃষি গৱেষণা প্ৰতিষ্ঠানৰ নৱজ্যোতি ভূঞাই কয় যে -দেশৰ বিভিন্ন প্ৰান্তৰ মাৰুৱা ধান গৱেষণা বাবে আমাৰ কেন্দ্ৰলৈ আহে। আমাৰ গৱেষণাত এতিয়া লৈকে ২৫ বিধ মান মাৰুৱা ধান গৱেষণা হৈছে। আটাইতকৈ উত্তম প্ৰজাতিৰ ধান বুলি গোসাইগাঁৱৰ মাৰুৱা ধান বুলি চিহ্নিত হৈছে। বেমাৰ আজাৰ কমকৈ হোৱা, পোক কমকৈ লগা আদিবোৰ গুণ চাই উন্নত মানদণ্ডৰ মাৰুৱা ধান নিৰ্বাচন কৰা হয়।
 
উল্লেখযোগ্য যে কণীধানে বাণিজ্যিক প্লেটফৰ্ম এমাজনতো ইতিমধ্যে স্থান লাভ কৰিছে। দেশৰ কৃষক সকলে উৎপাদন বৃদ্ধি কৰিলে নিশ্চয়কে এদিন কণী ধানে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হ’ব।

Leave A Reply

Your email address will not be published.