বান বিধ্বস্ত অঞ্চলত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰিলে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে

0 235

অসমৰ অন্যতম থলুৱা বেংক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ টীয়ক শাখাই  টীয়কৰ বৃহত্তৰ জাঁজীমুখ অঞ্চলত বানপীড়িত সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।টীয়ক শাখাৰ প্ৰবন্ধক ৰবীন পূৰ্টীৰ বিশেষ তৎপৰতাত জাঁজীমুখৰ  ফুকনবাৰী,গড়খাৱৈপাৰ,কুমাৰ গাঁও,ভকত গাঁও আদি অঞ্চলৰ প্ৰায় ১০০ টা আৰ্ত পৰিয়ালক চাউল,ডাইল,মিঠাতেল,ফেনাইল আদি সামগ্ৰী বিতৰণ কৰাৰ লগতে  টীয়কৰ বান বিধ্বস্ত কাৱৈমাৰীকে ধৰি কেইবাটাও অঞ্চলৰ প্ৰায় ৩০০ পৰিয়ালক সাহাৰ্য প্ৰদান কৰে।
 
 
উল্লেখযোগ্য যে এই থলুৱা বেংকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ব্যৱসায়ৰ সমান্তৰালকৈ বান সাহাৰ্য,মানুহ, পশু উভয়ৰে চিকিৎসা শিবিৰকে ধৰি বিভিন্ন সামাজিক কাম কাজ কৰি দায়বদ্ধতাৰ প্ৰমাণ দিছে।এই সমগ্ৰ কাৰ্যসূচীত ক্ষেত্ৰ প্ৰবন্ধক যদুমণি ডেকা,প্ৰবন্ধক মানসজ্যোতি বৰাকে প্ৰমুখ্য কৰি কেইবাজনো বেংকৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.