দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত সেউজ বিপ্লৱ -৩০০বিঘা মাটিত ৰোপন কৰিলে কলগছ

0 232

ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে ৰাজ্যত পৰ্যায় ক্ৰমে চলি থকা লকডাউনৰ বাবে অৰ্থনৈতিক অৱস্থা জুৰুলা হৈ পৰিছে। এনে সময়ছোৱাত বহি:ৰাজ্যত কৰ্মৰত লোকসকল নিজ ৰাজ্যলৈ উভতি আহি হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
 
 
 
যাৰ পৰিণতিত বৰ্তমান সময়ত নিৱনুৱা সমস্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। তেনে সময়তো দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী ৰাভা হাচাং অধ্যুষিত অঞ্চল নলবাৰীত একাংশ যুৱকে আৰম্ভ কৰিছে সেউজ বিপ্লৱ। প্ৰায় দহ বছৰ ধৰি কিছুসংখ্যক লোকে মালভোগ আৰু অন্য কলৰ খেতি কৰি আহিছে যদিও দুবছৰমানৰ পৰা নিয়োজিত হৈ পৰিছে শ শ লোক।
 
 
এতিয়া এন এছ  প্ৰগেছিভ চ’চাটিয়ৰ নামৰ এটি বেচৰকাৰী সংস্থা খুলি প্ৰায় ৬২ জন যুৱকে কলগছৰ খেতি কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। তাৰ সমান্তৰাল ভাৱে অন্য কিছু লোকেও এই কল খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে।
 
 
এতিয়া নলবাৰী অঞ্চলত মুকলি ভাৱে বছৰ বছৰ ধৰি পৰি থকা ঠাই সমূহত সেউজ বিপ্লৱৰ সূচনাৰে লোকসকলে ভৱিষ্যতৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। যিসময়ত অভাৱনীয় হাৰত নিৱনুৱা সমস্যা বৃদ্ধি পাইছে আৰু খেতিৰ প্ৰতি নৱপ্ৰজন্মই অনিহা প্ৰকাশ কৰি আহিছে সেইসময়তে অসম মেঘালয় সীমান্তত সেউজ বিপ্লৱৰ সূচনাৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰাৰ সমূহীয়া প্ৰচেষ্টা সচাকৈয়ে প্ৰশংসনীয়।
 
 
চহা জীৱনৰ চানেকিৰে এইসকল শ্ৰমজীৱি জনজাতীয় লোকৰ সপোনে এদিন সাকাৰ ৰূপ পাব আৰু আন দহজনৰ বাবেও আদৰ্শনীয় হ’ব বুলি আশা কৰিছে সচেতন মহলে। উল্লেখ্য যে, লকডাউনৰ প্ৰথম সময়ছোৱাত পকিবলৈ ধৰা কলসমূহ বজাৰত বিক্ৰী কৰিব নোৱাৰি সাংঘাটিক ধৰণে বিপৰ্যয়ৰ সন্মুখীন হৈছিল যদিও ভাগৰি পৰা নাই খেতিয়কসকল।
 
 
চৰকাৰৰ পৰা কোনো ধৰণে সহায় লাভ নকৰাৰ পিছতো হতাশ নহৈ পুনৰ খেতিত নিয়োজিত হৈ পৰিছে যুৱকসকলে। তেওঁলোকৰ আশা এদিন এই শ্ৰমৰ সাৰ্থকতা পাব। তাৰ মাজতো চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ ঘোষিত অভিলাষী আঁচনি সমূহে এইসকল লোকক স্পৰ্শ কৰিব পাৰিবনে বুলিও একাংশ শিক্ষিত খেতিয়কে প্ৰশ্ন তুলিছে।
 
কৃষি মন্ত্ৰী অতুল বৰাই এইসকল লোকক সহায়ৰ হাত যদি আগবঢ়ায় তেনে হ’লে এই বৃহত্তৰ অঞ্চলত কলখেতিৰ সমান্তৰালভাৱে অন্য বিভিন্ন খেতিৰে উজ্বলি উঠিব বুলি এই লোকসকলে আশা কৰিছে। দূৰ্গা বড়ো, সতীশ নংবাগ, হীতেশ ৰাভা, অৰ্জুন ৰাভা, অমৃত বড়ো, স্বৰ্ণ বড়ো, চন্দন বড়ো, প্ৰদীপ ৰাভা, পৰমেশ্বৰ বড়ো আদিৰ দৰে খেতিয়কসকলৰ সৈতে হোৱা বাৰ্তালাপত চৰকাৰৰ সহায় অবিহনেও তেওঁলোক যে শ্ৰমৰ আৰু সেউজীয়াৰ মাজত থাকিয়েই স্বাৱলম্বী হ’ব বিচাৰে সেই কথা স্পষ্ট হৈ পৰে।
খবৰ যুগুতালে অসম মেঘালয় সীমান্তৰ পৰা জীতুমণি দাসে..

Leave A Reply

Your email address will not be published.