এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা যাব জনপ্রিয় অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াক

0 484

অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে ৰাজকুমাৰ ঠাকুৰীয়াক ‘ব্ৰেণ্ড এম্বেছাদৰ’ হিচাপে লৈছে।ৰাজকুমাৰ ঠাকুৰীয়াৰ এটা জনপ্ৰিয় গীতৰ আৰ্হিত প্ৰস্তুত কৰা ভিডিঅ’টােত এগৰাকী ছাত্ৰীক ভােটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে তেওঁ অভিনয় কৰিছে।আন এটা ভিডিঅ’ত ৰাজকুমাৰক দেখা গৈছে ছুপাৰমেনৰ ৰূপত। এজন ভােটাৰক ছুপাৰমেনৰ দৰে প্ৰতীকাত্মক ৰূপত দেখুৱাবলৈ প্ৰয়াস কৰিছে।
উল্লেখ্য যে জিলা প্ৰশাসনে বাটৰ নাটৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিত মিৰ্জাৰ স্থায়ী বাসিন্দা ৰাজকুমাৰ ঠাকুৰীয়াৰ আছে বহু সংখ্যক অনুগামী।তেওঁ অভিনয় কৰা বহু গানে ইতিমধ্যে চ’চিয়েল মিডিয়াত ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.