এখন বিশেষ বিদ্যালয়।বিদ্যালয়খন সম্প্রতি সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছে।কিয়নো বিদ্যালয়খনক চালে চকুৰোৱাকৈ সজাই পৰাই তোলা হৈছে।দৰঙৰ দলগাঁৱত অৱস্থিত এই বিশেষ বিদ্যালয়খনৰ নাম কস্তৌৰবা গান্ধী বালিকা বিদ্যালয়।চৰকাৰী খণ্ডৰ এই বিদ্যালয়খন সেয়েহে আজি সকলোৱে মুখে মুখে চৰ্চিত।উল্লেখযোগ্য যে বিদ্যালয়খনৰ দেৱালত বিভিন্ন মহৎ লোকৰ বাণী ,বিভিন্ন জীৱ জন্তুৰ ছবি অংকিত আছে, বিদ্যালয়ৰ চৌহদত এখন সৰু পথাৰ আছে আৰু সুন্দৰ ফুলনি বাগিচা আছে ।২০০৮ চনতে স্থাপন হোৱা বিদ্যালয়খনৰ ছাত্ৰীৰ সংখ্যা ৮০ জনী।জানিব পৰা মতে বিদ্যালয়খনত আনুষ্ঠানিক পাঠদান কৰাৰ লগতে আত্মৰক্ষা কৌশল,যোগ,কাপোৰ বোৱা,খেতি কৰা,আচাৰ বনোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰে।এই সম্পর্কে কৌস্তৰবা বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী অলি দেৱীয়ে এনেদৰে কয়- ছাত্রীসকলে বিদ্যালয়খনক সজাই পৰাই তোলাৰ ক্ষেত্রত পদক্ষেপ লৈ আহিছে।আমাৰ এই বিদ্যালয়ত প্ৰশিক্ষণ গ্রহণ কৰি হাজেৰা খাতুন নামৰ ছাত্ৰীগৰাকীয়ে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।প্ৰত্যকজনী ছোৱালীক সকলো দিশৰ পৰা পাকৈত কৰি তোলাৰ প্ৰয়াস কৰা হৈছে।স্মৰ্তব্য যে এই বিদ্যালয়খনে বস্তি অঞ্চলৰ ছাত্ৰী উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰি আহিছে। সংগীতা শইকীয়া
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি