এজন চুপাৰমেনৰ কথাৰে

0 213

ডিমৌত এজন চুপাৰমেন ওলাইছে। অকলেই বহুদূৰ টানি নিব পাৰে যিকোনো বাহন । হাতেৰে নহয়,নিজৰ চুলিৰে চাৰিচকীয়া বাহন তেখেতে টানি নিব পাৰে । অবিশ্বাস্য যেন লাগিলেও এইয়া প্ৰমাণিত কৰিছে শিৱসাগৰ জয়সাগৰৰ বীৰেন গগৈ নামৰ ব্যক্তিজনে। বৰ্তমান ডিমৌৰ ৰজাবাৰীত নিৰ্মিয়মান অৱস্থাত থকা অ’এন’জি’চি’ ৰ চুপাৰ স্পেচিয়েলিটি হাস্পতালত শ্ৰমিক হিচাপে জীৱন নিৰ্বাহ কৰা ব্যক্তিজন ব্যক্তিক্ৰম প্ৰতিভাৰ অধিকাৰী । তেখেতে গাড়ী টানি নিয়াৰ উপৰিও বহু দু:সাহসিক কাৰ্য কৰিব পাৰে।

এনেবোৰ দু:সাহসিক কাৰ্য কৰি ভাল পোৱা বীৰেন গগৈয়ে দিন-হাজিৰা কৰি পোহপাল দিছে নিজৰ পৰিয়াল । কোনো চৰকাৰী চাকৰি অথবা ব্যৱসায়ৰ অবিহনে নিজৰ দুগৰাকী কন্যাৰ এগৰাকীক ইঞ্জিনিয়াৰিঙতো পঢ়াইছে এইজন অসাধাৰণ মনৰ সাধাৰণ ব্যক্তিজনে ।

খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.