এজন ব্যতিক্ৰমী উদ্যমীৰ কথাৰে

3 290

অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰসংগই সমগ্ৰ ৰাজ্য উত্তাল কৰি থকাৰ সময়তে মৰাণৰ এজন ব্যক্তিৰ নাম চ’চিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। কথাৰে নহয় কামৰ জৰিয়তে তেখেতে আৰ্দশ দেখুৱাইছে। আহকচোন জানো তেওঁ কোন আৰু কিয় প্ৰাধান্য পালে Nefocus.comত

তেখেতৰ নাম স্বপন চুতীয়া। ঘৰ মৰাণৰ নবোদয় বিদ্যালয়ৰ সমীপত। তেখেতে নীতিশালা নামৰ নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ কেন্দ্ৰ এটা গঢ়ি তুলিছে। জানি সুখী হ’ব যে এই নীতিশালা কেন্দ্ৰত প্ৰায় ৩০০ ছাত্ৰ ছাত্ৰীয়ে নীতি শিক্ষাৰ আদি পাঠ শিকে।

জানিব পৰা মতে নীতিশিক্ষা কেন্দ্ৰটো নামঘৰ আকৃতিত গঢ়ি তোলা হৈছে। প্ৰতি সপ্তাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বিভিন্ন বিষয় সম্পৰ্কে জ্ঞান দিয়া হয়। স্বপন চুতীয়া পেচাত শিক্ষক। তেওঁৰ প্ৰচেষ্টাত নীতিশিক্ষা কেন্দ্ৰৰ সমান্তৰালকৈ এটা পখী নিলয়, সেউজ গৃহ আৰু গ্ৰন্থক্ষেত্ৰ গঢ় লৈ উঠিছে।উল্লেখযোগ্য যে পক্ষী নিলয়ত পখীৰ বাবে বিভিন্ন খাদ্য আৰু সেউজ গৃহত এশ এবিধ শাকৰ খেতি কৰি উত্তৰ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনজাতিৰ ২৮ খন গামোচা সংৰক্ষণৰ লগতে ৬০বিধ বিভিন্ন প্ৰজাতিৰ ধানৰ বীজ সংৰক্ষণ কৰিছে। গ্ৰন্থক্ষেত্ৰ নামৰ পুথিভড়াল গঢ়ি তুলিছে। স্বপন চুতীয়াৰ এনে আদৰ্শই প্রকৃত অসমীয়াৰ পৰিচয় বহন কৰিছে।

3 Comments
  1. Santana dowarah says

    সুন্দৰ পদক্ষেপ। আপোনাৰ এই প্ৰচেষ্টা সফল হওক

  2. ৰাজীৱ কুমাৰ নেওগ says

    তেখেতৰ এই প্ৰচেষ্টাক নশলাগি নোৱাৰিলো । তেখেতৰ আদৰ্শ নৱপ্ৰজন্মৰ সোপান হওক । জয়তু বা বি বি ।

  3. Haren Lahon. says

    Aamar homajok enekua byaktir bor proyujan hoise . Huveishya jonalu .

Your email address will not be published.