এটা অত্যাধুনিক সুবিধা থকা, সুন্দৰ পথে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।পথটোৰ ঠিকনা ডিব্ৰুগড় জিলাৰ বৈৰাগীমঠৰ হেৰম্ব বৰদলৈৰ উপপথ।পথটো ফুল, ফলৰ বাগিচাৰ পৰা আৰম্ভ কৰি ৰোড ৰিফ্লেক্টৰ, চলাৰ ষ্টীট লাইট, ৰোড চেফটি পেইণ্টিং, চি চি টি ভিৰলৈকে সকলো ব্যৱস্থা আছে।উল্লেখযোগ্য যে ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এই উপপথত নিৰ্মাণ কৰাইছে গৌতম বৰদলৈয়ে।চীনত কৰ্মৰত গৌতম বৰদলৈয়ে যেতিয়াই ঘৰলৈ আহিছিল তেতিয়াই ঘৰৰ সন্মুখৰ জৰাজীৰ্ণ পথ দেখি ব্যথিত হৈছিল।ঘৰৰ সন্মুখৰ পথটো নিৰ্মাণৰ বাবে বহুতক অনুৰোধ কৰিছিল।যদিও পথটো হৈ নুঠিল।অৱশেষত গৌতম বৰদলৈয়ে অত্যাধুনিক ধৰণে নিজা ধন ব্যয় কৰি পথটো নিৰ্মাণ কৰালে।স্মৰ্তব্য যে এই পথটোৰ নামাকৰণ তেখেতৰ দেউতাক হেৰম্ব বৰদলৈৰ নামেৰে আছে।ৰাইজৰ হিতৰ বাবে উৎসৰ্গা কৰা বৰদলৈৰ এনে কামে সমাজৰ সকলোকে উৎসাহিত কৰি তুলিছে ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন