এন আৰ এলৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

0 222

নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ ২৮ তম বাৰ্ষিক সাধাৰণ সভাখন ১৮ ছেপ্টেম্বৰ শনিবাৰে কোম্পানীটোৰ গুৱাহাটীস্থিত কৰ্পোৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়।এন আৰ এলৰ অধ্যক্ষ আৰু অইল ইণ্ডিয়া লিমিটেডৰ চি এম ডি এছ চি মিশ্ৰই সভাপতিত্ব কৰা সাধাৰণ সভাখনত এন আৰ এলৰ এম ডি এছ কে বৰুৱা আৰু এন আৰ এল বোৰ্ডৰ অন্য সদস্য সকল তথা কোম্পানীটোৰ শ্বেয়াৰহল্ডাৰ সকলে অংশগ্ৰহণ কৰে।কোম্পানীটোৰ বিত্তীয় বৰ্ষ ২০২০-২১ ৰ সময়ছোৱাত ৩৫৭ শতাংশৰ সৰ্বাধিক লাভাংশ(প্ৰতি ১০ টকাৰ ৩৭.৫ প্ৰতি পূৰ্ণ ইকুইট শ্বেয়াৰ) ঘোষণা কৰে।বৰ্তমানলৈ কোম্পানীটোৰ সৰ্বাধিক ৰূপে পৰিগণিত এই লাভাংশ ২০২০-২১ বিত্তীয় বৰ্ষটোত মধ্যৱৰ্তী লাভাংশ ৰূপে ইতিমধ্যে প্ৰদান কৰা হৈছে।২০২০-২১ বিত্তীয় বৰ্ষটো বিভিন্ন প্ৰতিকূল নেওচি আভ্যন্তৰীণ শক্তি ,অভিযোজন ক্ষমতা আৰু শক্তিশালী ইনকিল্ট চিমেণ্ট আৰু প্ৰক্ৰিয়াৰ বলত যোগাত্মক ফলাফলেৰে সমাপ্ত হয়।
২০২০-২১ বিত্তীয় বৰ্ষৰ মুখ্য তাৎপৰ্যপূৰ্ণ দিশ আছিল ২৫ মাৰ্চত স্বাক্ষৰিত শ্বেয়াৰ ক্ৰয় চুক্তিৰ মাধ্যমেৰে মেজৰিটি ইকুইটি শ্বেয়াৰহল্ডিঙৰ জৰিয়তে অইলে হল্ডিঙ কোম্পানীৰ ৰূপে এন আৰ এলৰ মালিকিস্বত্ব গ্ৰহণ কৰা।এই ঐতিহাসিক উন্নয়ন বিষয়ে এন আৰ এল আৰু অইলৰ মাজত হোৱা অংশীদাৰিত্বই সুন্দৰ সময়ৰে আগবাঢ়িব আৰু ৰাষ্ট্ৰৰ শক্তি সুৰক্ষা নিশ্চিত কৰা তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াব।এক হিতাধিকাৰী ৰূপে ই আই এলৰ উপস্থিতি কোম্পানীটোৰ কাৰিকৰী বিশেষজ্ঞতাক অধিক আগুৱাই লৈ যোৱাত অৰিহণা যোগাব।
২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৰিফাইনেৰীটোৱে ২,৭০৭ টি এম টি খাৰুৱা তেলৰ শোষণ কৰে, যি বিগত বিত্তীয় বৰ্ষৰ তুলনাত ১৪ শতাংশ অধিক।কোম্পানীটোৱে ৪২ টি এম টি খাৰুৱা তেলৰ আমদানি কৰে যি ৰিফাইনেৰী টোত শোধন কৰা হয়।বিগত বৰ্ষ তুলনাত এইচ এছ ডিৰ ক্ষেত্ৰত ১২ শতাংশ অধিক তৈয়াৰ কৰি ১.৮০৯ টি এম টি আৰু ৩৬ শতাংশ বৃদ্ধিৰে এম এছত ৬৩৬ টি এম টি উৎপাদন কৰা হয়।ৰিফাইনেৰীটোৱে বৰ্তমান লৈকে সৰ্বাধিক ৪৭ টি এম টি ম’ম উৎপাদন কৰে।যি বিগত বৰ্ষৰ তুলনাত ১৭ শতাংশ অধিক।একেদৰে ৩৩ শতাংশ বৃদ্ধিৰে ৫৭ টি এম টি এল পি জি বটলিং কৰে যি বৰ্তমান লৈকে সৰ্বাধিক ৰূপে পৰিগণিত হৈছে।
২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত বিক্ৰীৰ পৰিমাণ ২,৯২৪ টি এম টি হয়।এই পৰিমাণ বিগত বিত্তীয় বৰ্ষত ২,৩৬১ টি এম টি আছিল বিক্ৰীৰ পৰিমাণ বিগত বিত্তীয় তুলনাত ২৩.৯ শতাংশ বৃদ্ধি হয়।এইচ এছ ডিৰ বিক্ৰী বিগত বৰ্ষৰ ১,৫৪১ টি এম টিৰ পৰা বৃদ্ধি হৈ ১,৮৩৫ টি এম টি হয়।একেদৰে বিগত বিত্তীয় বৰ্ষত ৪৫৮ টি এম টি এম এছৰ বিক্ৰী হৈছিল,যি বিত্তীয় বৰ্ষ ২০২০-২১ত বুদ্ধি হৈ সৰ্বাধিক ৬৪৭ টি এম টি হয়।আনহাতে ম’মৰ বিক্ৰী ক্ষেত্ৰত সৰ্বাধিক ৪৭ টি এম টি বিক্ৰীৰ অভিলেখ সৃষ্টি হয়।
২০২৯-২১ বিত্তীয় বৰ্ষত কোম্পানীৰ পৰিচালনা পৰা ১৮,৫৪৪ কোটি টকা ৰাজহ অর্জন কৰা হয় যি বিগত বিত্তীয় বৰ্ষৰ ১৪,০৭৩ কোটি টকাৰ তুলনাত ৩১.৭৭শতাংশ অধিক হয়।অধিক খাৰুৱা তেল শোধন আৰু অভাৱ অল মাৰ্জিন বৃদ্ধিৰ ফলত এন আৰ এলৰ লাভ ৩,০৩৬ কোটি টকা হয় যি যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ১২০ শতাংশ বৃদ্ধি পায় তথা বৰ্তমালৈ সৰ্বোচ্চ বুলি পৰিগণিত হয়।কোম্পানীৰ নেটমূল্য বিগত বিত্তীয় বৰ্ষৰ ৫,৩০৪ কোটি টকাৰ পৰা বৃদ্ধি হৈ ৩১ মাৰ্চ ত ৫,৫৯৬ কোটি টকা হয়।উৎকৃষ্ট বিত্তীয় প্ৰদৰ্শন বাবে ৰাজকোষত ৬,৪৬৮ কোটি টকাৰ অনুদান প্ৰদান কৰা হয় যি বৰ্তমানলৈকে সৰ্বাধিক।
পুঁজিগত বিনিয়োগ আৰু প্ৰকল্প:-
কোম্পানীটোৱে নুমলীগড় ৰিফাইনেৰী বিস্তাৰ প্ৰকল্প ২ জি ইথেন’ল প্ৰকল্প আৰু ভাৰত বাংলাদেশ মৈত্ৰী পাইপলাইন নামৰ মুখ্য প্ৰকল্প সমূহৰ ৰূপায়ন কাম অব্যাহত ৰাখিছে আৰু যুদ্ধকালীন ক্ষীপ্ৰতাৰে কাম সমূহ অগ্ৰগতিৰ লাভ কৰিছে।প্ৰায় ২৮,০০০ কোটি টকা আনুমানিক ব্যয় সাপেক্ষে নুমলীগড় ৰিফাইনেৰী সম্প্ৰসাৰণ প্ৰকল্প জৰিয়তে ৰিফাইনেৰীটোৰ ক্ষমতা ৩,০ এম এম টি পি এৰ পৰা বৃদ্ধি কৰি ৯.০ এম এম টি পি এ কৰা ওড়িশাৰ পাৰাদ্বীপ বন্দৰত খাৰুৱা তেলৰ আমদানি টাৰ্মিনেলৰ নিৰ্মাণ আৰু পাৰাদ্বীপ বন্দৰৰ পৰা ১,৬৩৫ কিলোমিটাৰ দীঘল ক্ৰ’ছ কাণ্টি ক্ৰুড অইল পাইপলাইন বহোৱাৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে এই প্ৰকল্প সমূহৰ লগতে গ্ৰহণ কৰা অন্য প্ৰকল্প সমূহ জৰিয়তে এন আৰ এলে এতিয়ালৈকে সৰ্বাধিক ৯২৪ কোটি টকাৰ পুঁজি বিনিয়োগ কৰিছে।
তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত শেহতীয়া আৰু সৰ্বোত্তম প্ৰথা প্ৰণালী সমূহ অৱলম্বন কৰা এন আৰ এল যথেষ্ট আগৰণুৱা।২০২৯-২১ বিত্তীয় বৰ্ষত কেইবাটাও ডিজিটেল পদক্ষেপ গ্ৰহণ কৰে।ইয়াৰ ভিতৰত উল্লেখযোগ্য ২০২০ চনৰ আগষ্ট মাহত শুভাৰম্ভ কৰা পেপাৰলেছ অ’ফিছ ছলুশ্বন আৰোহণ,যাৰ ফলশ্ৰুতিত ক্ৰয় চক্ৰত সমগ্ৰ ডিজিটেল পৰিবৰ্তন এছ এ পিৰ জৰিয়তে সাধন কৰা হয়।ভৱিষ্যতে এইছ আৰ ,লাভ প্ৰবন্ধৰ আৰু অন্যান্য আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া সম্বন্ধিতে সকলো ব্যৱসায়িক প্ৰক্ৰিয়া ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ’ব S/4 HANA(High performance Analytcal Appliance) নামৰ মাইগ্ৰেছন প্ৰকল্প ২০২০ চনৰ ডিচেম্বৰ মাহত আৰম্ভ কৰি আন এটা গুৰুত্বপূৰ্ণ বিকাশ সাধন কৰা হয়।এই প্ৰণালীৰ জৰিয়তে এম্বেডেড বিশ্লেষণাত্মক ক্ষমতা লগত ডাটা ক্ষীপ্ৰতাৰ প্ৰ’ছেচ কৰাৰ ক্ষমতাৰ কাৰণে কাৰ্য্য নিষ্পাদনৰ ক্ষেত্ৰত সহায়ক হ’ব।অন্য পদক্ষেপ সমূহৰ ভিতৰত ক্লাউড হোষ্টেল ডিজিটেল কেপিটেল প্ৰ’জেক্ট মেনেজমেণ্ট টুলছ ইমচিভ ভি আৰ ট্রেনিং ফ’ৰ চেফটি এণ্ড মাৰ্কেটিং অ’পৰেছন ইত্যাদি সন্নিবিষ্ট।
যি সময়ত ক’ভিড মহামাৰী বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে, এন আৰ এলে পৰিস্থিতি লগত মুকাবিলা কৰিবৰ বাবে সুবিধা আৰু ব্যৱস্থাৱলী বৃদ্ধি কৰি সকলো ফালৰ পৰা সমৰ্থন দিয়াৰ বাবে আগবাঢ়ি আহিছে।এন আৰ এলে চি এচ আৰৰ জৰিয়তে ক’ভিডৰ লগত যুজঁ দিবলৈ ৩৬ কোটি টকা নিৰ্ধাৰণ কৰে।এই ধনৰাশি আই চি ইউ সুবিধা যুক্ত ১২০ খন বিচনা ক’ভিড কেয়াৰ চেণ্টাৰ এটা ,কেইবাটাও অক্সিজেন প্লাণ্ট স্থাপন,কেইবাটাও ক’ভিড চেণ্টাৰ তথা কেইবাটাও বিনামূলীয়া ভেকচিন প্ৰদান কেন্দ্ৰ আদি স্থাপন কৰি সেৱা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.