লাভলীনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া উপহাৰ নিলাম

0 197

★লাভলীনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া উপহাৰ নিলাম।
★১.৯ কোটি টকালৈকে উঠিছে লাভলীনাৰ হেণ্ড গ্লু’ভছৰ মূল্য।
★নিলামত দ্বিতীয় সৰ্বাধিক মূল্য নিৰ্ধাৰণ হয় নীৰজ চোপ্ৰাৰ জেভলীন।
★প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে ৭১ বছৰীয়া জন্মদিন পালন কৰিলে।
★প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ৭১ সংখ্যক জন্ম দিনাৰ দিনা উপহাৰসমূহৰ নিলাম আৰম্ভ কৰিছিল।
★দেশৰ সংস্কৃতি মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকাসমূহৰ ই-নিলামৰ আয়োজন কৰিছে।
★ই-নিলামত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈসকলৰ হাতমোজা, ৰেকেট আৰু অন্যান্য সামগ্ৰীও সামৰি লোৱা হৈছে।
★নিলামৰ এই প্ৰথম দিনাই আকাশলংঘী মূল্য লাভ কৰে দুই অলিম্পিক বিজয়ীৰ ক্ৰীড়া সঁজুলীয়ে।
★নিলামৰ প্ৰথম দিনাই ১.৯ কোটি টকা ধাৰ্য হয় লাভলীনাৰ হেণ্ড গ্লু’ভছৰ।
★প্ৰথম দিনটোতে ১.৯ কোটি টকালৈকে উঠিছে খেলুৱৈগৰাকীৰ হেণ্ড গ্লু’ভছৰ মূল্য।
★গ্লুভছযোৰৰ BASE PRICE আছিল ৮০ লাখ।
★অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত লাভলীনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে দিছিল হেণ্ড গ্লু’ভছযোৰ।
★নিলামত দ্বিতীয় সৰ্বাধিক মূল্য নিৰ্ধাৰণ হয় নীৰজ চোপ্ৰাৰ সোণৰ পদক আজোৰা জেভলীন।ইয়াৰ মূল্য নিৰ্ধাৰণ হয় ১.৫৫ কোটি টকা।
★নিলামত উঠা খেলুৱৈসকলৰ সঁজুলি ক্ৰয় কৰিবলৈ বহু লোক আগ্ৰহী হৈছে।
★নিলামত প্ৰাপ্ত ধনসমূহ নমামি গংগা প্ৰকল্পত ব্যৱহাৰ কৰা হ’ব।১৭ ছেপ্টেম্বৰত আৰম্ভ হোৱা এই ই-নিলাম ৭ অক্টোবৰলৈকে অব্যাহত থাকিব।

Leave A Reply

Your email address will not be published.