এন আৰ এল প্ৰথম কোৱাৰ্টাৰৰ সফল ৰেকৰ্ড

0 250

বৰ্তমান সময়ত নুমলীগড় ৰিফাইনেৰীৰ কাৰ্যক্ৰম প্ৰায় সাধাৰণ অৱস্থালৈ ঘুৰি আহিছে। প্ৰথম কোৱাৰ্টাৰৰ সময়ছোৱাত খাৰুৱা প্ৰবাহ ক্ষমতা আছিল যোৱা বছৰৰ তুলনাত ৮শতাংশ কম অৰ্থাৎ ৬২৭টি এম টি।
 
 
 
ক’ভিড১৯ৰ বাবে হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত হোৱা সীমাৱদ্ধতা স্বত্বেও পেট্ৰ’ল ডিজেলৰ বিক্ৰীৰ ক্ষেত্ৰত হোৱা হ্ৰাস নুন্যতম ৯শতাংশলৈকে হয়। ইয়াৰ উপৰিও শোধনাগাৰটোৱে পেট্ৰ’নাছ মালয়েছিয়াৰ পৰা আমদানি কৰি অনা ৮.১টি এম টি খাৰুৱা তেলৰ প্ৰছেছিং কৰিবলৈ সক্ষম হয়। নৰ্থ ইষ্টৰ বিশুদ্ধ ৰন্ধন ইন্ধনৰ বাঢ়ি অহা চাহিদা অনুযায়ী শোধনাগাৰটোৰ বটলিং প্লেণ্টটোৱে ১৬ঘণ্টাকৈ দুটা শ্বিফটত কাম কৰি আহিছে। নেটৱৰ্ক আন্তঃগাঁথনিৰ উন্নীতকৰণৰ জৰিয়তে এন আৰ এলে সফলতাৰে ৱৰ্ক ফ্ৰম হোম নীতি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে।
 
 
প্ৰথম কোৱাৰ্টাৰৰ কাৰ্যাৱলীৰ সন্দৰ্ভত এন আৰ এলৰ পৰিচালন সঞ্চালক  এচ কে বৰুৱাই কয় ক’ভিড১৯ৰ পৰিপ্ৰেক্ষিতত হোৱা বাধাস্বত্বেও আমাৰ সকলো কৰ্মচাৰী আৰু কণ্ট্ৰেকচুৱেল ষ্টাফৰ সুৰক্ষা সুনিশ্চিত কৰি আমি শোধনাগাৰটোৰ কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। বছৰেকীয়া লক্ষ্য যাতে পূৰণ কৰিব পাৰে তাৰ বাবেসকলো চাইটতে প্ৰজেক্টৰ কাৰ্যাৱলী আৰম্ভ হৈছে। অনাগত দিনৰ কেইমাহ মানৰ ভিতৰত কেপেক্স ফ্ৰণ্টল’ড কৰা হ’ব।
 
 
২জি ইথানল বায়’ৰিফাইনেৰী প্লেণ্টকে ধৰি বিভিন্ন প্ৰকল্পৰ প্ৰগতি সফলভাৱে ৰূপায়ন হৈ আছে। বৰ্তমান সময়ত প্ৰায় ৫০০নিৰ্মাণ কৰ্মীয়ে চাইটত কৰ্মৰত হৈ আছে। তদুপৰি সম্প্ৰসাৰণ আৰু পাইপলাইন প্ৰকল্পৰ কিছুমান প্ৰধান নিবিদা কোম্পানীটোৱে সফলতাৰে প্ৰদান কৰিছে। পাৰাডীপৰ পৰা নুমলীগড় খাৰুৱা তেল পাইপলাইনৰ বাবে অহা কেইমাহমানত লাইন পাইপ প্ৰাপ্তিৰ বাবে উপক্ৰমৰ চেষ্টা হাতত লোৱা হৈছে।

Leave A Reply

Your email address will not be published.