ভাৰতীয় সেনাই গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত,কিন্তু কি এই সিদ্ধান্ত

0 267

সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী মোডীয়ে ৫৯টা চীনা এপ নিষিদ্ধ ঘোষণা কৰাৰ পিছতে শেহতীয়াভাৱে আহিছে আন এক খবৰ। শেহতীয়াকৈ ভাৰতীয় সেনাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এইবাৰ ভাৰতীয় সেনাই ৮৯টা এপ শীঘ্ৰেই মোবাইলৰ পৰা আতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 
 

ইতিমধ্যে এইক্ষেত্ৰত সেনাৰ পৰা নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। স্মৰ্তব্য যে এই এপ সমূহ মেচেজিং প্লেটফৰ্ম, ৱেব বাওজাৰ, কনন্টেন্ট শ্বেয়াৰিং, গেমিং ইত্যাদি দিশৰ সৈতে জৰিত। ভাৰতীয় সেনাৰ দ্বাৰা নিষিদ্ধ ঘোষণা কৰা এই এপছ সমূহৰ ভিতৰত আছে জনপ্ৰিয় এপ পাবজিকে ধৰি অন্যান্য মোবাইল এপ সমূহ। এই মোবাইল এপ সমূহৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা বিষয়ক কিছু তথ্য চুৰি কৰি অন্য দেশক প্ৰদান কৰাৰ আশংকা প্ৰকাশ কৰিছে ভাৰতীয় সেনাই। সেয়েহে দেশৰ সুৰক্ষাৰ কথা ভাবি ভাৰতীয় সেনাই ৮৯টা এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.