প্ৰতিখন জিলাৰে পৰিস্থিতি বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

0 265

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এক গুৰুত্বপূৰ্ণ ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ প্ৰতিখন জিলাৰে শেহতীয়া ক’ভিড১৯ পৰিস্থিতি আৰু বান খহনীয়াৰ বুজ লোৱাৰ লগতে জিলাসমূহত ৰূপায়িত হৈ থকা উন্নয়নমূলক আচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই সময়ত অৰ্থনৈতিক কাৰ্যকলাপ সমূহ অব্যাহত ৰখাৰ বাবেও মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীৰ ফ্লেগশ্বিপ কাৰ্যসূচী সমূহৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক তথা জনকল্যাণমূলক আচনি সমূহৰ ৰূপায়নৰ কাম যাতে ক’ভিড১৯ৰ বাবে স্তব্ধ নহয় সেয়া সুনিশ্চিত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
 
 
ৰাজ্যখনৰ কৃষি আৰু আনুষংগিক খণ্ডৰ কাম কাজ তথা নিৰ্মাণখণ্ডৰ কাম কাজ ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ লগতে বৃহৎ আৰু ক্ষুদ্ৰ চাহ বাগিচা সমূহৰ কাম কাজ সুচাৰূৰূপে পৰিচালনাত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ উপায়ুক্তসকলক আহ্বান জনায়। গুৱাহাটীৰ দৰে অধিক হাৰত ক’ভিড ৰোগী চিনাক্ত হোৱা স্থানৰ লোকসকলৰ প্ৰতি ৰাজ্যৰ আন ঠাইৰ মানুহে বিদ্বেষ ভাৱ ৰখাটো উচিত নহয় বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
 
 
ক’ভিড১৯ৰ সমান্তৰালভাৱে অন্যান্য ৰোগত ভোগা ৰোগী সকলেও যাতে প্ৰয়োজনীয় চিকিৎসাৰ পৰা কোনোপধ্যেই বঞ্চিত হ’বলগীয়া নহয় সেয়া তাৎক্ষণিকভাৱে সুনিশ্চিত কৰিবলৈ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক সকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। যিসমূহ ঠাইত সম্প্ৰতি ব্যাপক মাত্ৰাত হোৱা জনসমাগমলৈ আঙুলিয়াই দি নিৰ্দেশনা উলংঘা কৰা লোকসকলৰ বিৰূদ্ধে কঠোৰ হ’বলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে।
 
 
বহিঃৰাজ্যৰ পৰা ঘুৰি অহা যুৱক যুৱতীসকলৰ যোগ্যতা আৰু দক্ষতা সমূহ চিনাক্ত কৰি উপযুক্ত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্ত সকলক আহ্বান জনায়। সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰো সুযোগ গ্ৰহণ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ৰাজ্যৰ প্ৰতিখন জিলাতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী প্ৰকল্প জলজীৱন মিছনৰ কাম কাজ দ্ৰুততৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। লগতে এই অভিযানত বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱশক্তিক নিয়োজিত কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
 
 
ৰাজ্যৰ জীৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু সংৱৰ্দ্ধনৰ বাবে বৃক্ষৰোপনৰ প্ৰতিও গুৰুত্ব দিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে এই বাৰিষাৰ ভিতৰতে ৰাজ্যৰ প্ৰতিখন জিলাতে ব্যাপক মাত্ৰাত গছপুলি ৰোপণ কৰি উপযুক্ত তদাৰকীৰ ব্যৱস্থা কৰিবলৈও জিলা উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে। ৰাজ্যৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান সমূহৰ চৌপাশেও ব্যাপক হাৰত বৃক্ষৰোপণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়। অহা নৱেম্বৰ মাহৰ ভিতৰত ৫৪হেজাৰ থলুৱাক মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰাৰ কাম ক্ষীপ্ৰগতিত আগুৱাই নিবলৈও উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে।
 
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গোলাঘাট, নগাও, শিৱসাগৰ, বিশ্বনাথ আৰু কাৰ্বি আংলঙৰ জিলা প্ৰশাসন, আৰক্ষী আৰু বন বিভাগক মুখ্যমন্ত্ৰী সোণোৱালে ভূয়সী প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.