এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ গুৱাহাটী শাখাৰ নতুন সমিতি গঠন

1 500

এন এফ ৰেলৱেৰ শ্রমিক,কর্মচাৰীৰ নাৰ্য প্ৰাপ্তিৰ হকে মাত মাতি অহা অগ্ৰণী সংগঠন এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ গুৱাহাটী শাখাৰ দ্বি – বাৰ্ষিক অধিবেশনখন ২৯ ছেপ্টেম্বৰত শাখা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়।
 
 
এই উপলক্ষে ক’ভিড প্ৰটকল বিধি মানি অনুষ্ঠিত সভাত পৌৰাহিত্বত কৰে শাখাৰ সভাপতি গুণীন্দ্ৰ বৰুৱাই । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু বিশিষ্ট শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াই ভাষণত কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ তীব্র বিৰোধীতা কৰি ৰেলৱেকে ধৰি দেশৰ ৰাজহুৱা সম্পত্তি সমূহ চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।
 
সভাত ইউনিয়নৰ কোষাধ্যক্ষ জোন দাসকে ধৰি কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয় ববীয়া উপস্থিত থাকে। আনহাতে সভাত আগন্তুক দুই বছৰ কাৰ্যকালৰ বাবে গুণীন্দ্ৰ বৰুৱাক সভাপতি,হেমাংগ দাস আৰু নিপন কলিতাক কাৰ্যকৰী সভাপতি , অৰুপ কলিতাক সাধাৰণ সম্পাদক , দেৱজিৎ শৰ্মাক কোষধ্যক্ষ হিচাপে লৈ ইউনিয়নৰ গুৱাহাটী শাখাৰ ১৯ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।

1 Comment
  1. Sourav says

    Arup kalita… Best….

Your email address will not be published.