গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন.ডি.আৰ.এফৰ উদ্যোগত আজাৰাৰ পৰা কিছু নিলগৰ মিৰ্জাস্থিত জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) চৌহদত আজিৰে পৰা পূব আৰু উত্তৰ পূব মণ্ডল ভিত্তিত তিনিদিনীয়াকৈ আৰম্ভ হৈছে হৈছে আন্তঃ এন.ডি.আৰ.এফ বেটেলিয়ান দক্ষতা বৃদ্ধিৰ প্ৰতিযোগিতা। প্ৰতিযোগিতাত পূব আৰু উত্তৰ পূব মণ্ডলত থকা প্ৰথম, দ্বিতীয়, নৱম আৰু দ্বাদশ বেটেলিয়ানৰ প্ৰায় ১০০ জন বিভিন্ন বৰ্গৰ বিষয়া-জোৱানে ভাগ লৈছে। আজি পুৱা প্ৰতিযোগিতাখন উদ্ধোধন কৰে কলকাতাস্থিত দ্বিতীয় এন.ডি.আৰ.এফৰ কমাণ্ডেণ্ট গুৰ্মিন্দৰ সিংয়ে। অনুষ্ঠানত প্ৰথম এন.ডি.আৰ.এফৰ চেকেণ্ড-ইন-কমাণ্ড পংকজ কেভিদয়াল, ডেপুটি কমাণ্ডেণ্টদ্বয় অনিল চৌহান আৰু ডাঃ তেজ বাহাদুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। আনহাতে প্ৰতিযোগিতাত এন.ডি.আৰ. এফ বাহিনীয়ে ভূমিকম্প, বানপানী, ভূমিস্খলন, ধুমুহাকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, দুৰ্ঘটনাকে ধৰি যিকোনো মানৱসৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ, সাহায্য আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কাৰ্যত ব্যৱহৃত সা-সামগ্ৰী সমূহৰ প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ উপৰিও প্ৰথম এন.ডি.আৰ. এফৰ কমাণ্ডেণ্ট এইছ. পি. এছ কাণ্ডাৰীয়ে প্ৰতিযোগিতাত ভাগ লোৱা সকলো প্ৰতিযোগিক শুভেচ্ছা জ্ঞাপন কৰি সকলোৱে যাতে সৰ্বস্ব উজাৰি উন্নত প্ৰদৰ্শন কৰে তাৰ কামনা কৰিছে। তিনিদিনিয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ১০ নৱেম্বৰত সামৰণি পৰিব।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem