চাইল্ড কেয়াৰ হোমৰ শিশুসকলৰ মাজত স্কুলীয়া ষ্টেচনেৰী সামগ্ৰী বিতৰণ টপচেম চিমেণ্টৰ

0 233

গুৱাহাটীৰ ১০ খন চাইল্ড কেয়াৰ শিশুৰ মাজত স্কুলীয়া ষ্টেচনাৰী সামগ্ৰী বিতৰণ কৰে টপচেম চিমেণ্ট।এক অনুষ্ঠান আয়োজন কৰি আজি মেঘালয়ৰ চিমেণ্ট লিমিটেডৰ বিক্ৰী আৰু বিপনৰ অধ্যক্ষ ড° অনিল কাপুৰৰ উপস্থিতিত কল্যাণী নিবাস চিল্ডেন হোম ফৰ গাৰ্লছ ৰূপনগৰ,অপেন ছেলতাৰ হোম ফৰ বয়ছ উলুবাৰী স্নেহালয়,পল্টনবজাৰ,চিল্ডেন হোম ফৰ গাৰ্লছ জালুকবাৰী,স্নেহালয় ধীৰেনপাৰা,চাইল্ড হোম ফৰ বয়েছ ফটাশিল,জ্যোতিস্নেহালয় বেলতলা, অক্সিলিয়াম স্নেহালয় নুমমাটি,ইলা স্নেহালয় বেটকুচি আৰু অসম শিশু কল্যান সদন জালুকবাৰীত শিশু সকলৰ মাজত তেওঁলোকে স্কুলীয়া ষ্টেচনেৰী সামগ্ৰী আনুষ্ঠানিক ভাৱে বিতৰণ কৰে।টপচেম চিমেণ্ট চাইল্ড লাইনৰ প্ৰস্তাৱ অনুসৰি চাইল্ড কেয়াৰ হোম সমূহত সামগ্ৰী বিতৰণ কৰে।শিশুৰ মাজত স্কুলীয়া ষ্টেচনেৰী সামগ্ৰী বিতৰণ কাৰ্যসূচীত চাইল্ড কেয়াৰ হোমৰ প্ৰতিনিধিৰ লগতে চাইল্ড লাইন গুৱাহাটীৰ বিষয়া সকলো উপস্থিত আছিল।
তেওঁলোকে চাইল্ড হোমত থকা ৪০০ টাকৈও অধিক শিশুক তেওঁলোকৰ শৈক্ষিক মানদণ্ড বিকাশ কৰিবলৈ স্কুলীয়া ষ্টেচনেৰী বিতৰণ কৰে।বিতৰণ কৰা সামগ্ৰী ভিতৰত আছিল বহী, কলম,পেঞ্চিল ইত্যাদি।এই পদক্ষেপ দৰিদ্ৰ শিশু সকলক শিক্ষিত হ’বলৈ শিক্ষা প্ৰতি সচেতন হোৱাৰ আৰু লাভ কৰাত সহায় কৰিব।লগতে সমাজৰ বিকাশত অৱদান আগবঢ়োৱাৰ এক উন্নত সুযোগ দিয়া।এই সন্দৰ্ভত অনিল কাপুৰৰে কয়,সকলো সামাজিক স্তৰৰ শিশুৱে শিক্ষাৰ অধিকাৰ লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ।শিক্ষাৰ অধিকাৰ লাভ কৰাৰ ক্ষেত্ৰত কোনো বাধা আইন নালাগে।এইটো ধাৰণা আগত ৰাখি আমি এই পদক্ষেপ গ্ৰহণ কৰিছো ,যাতে দৰিদ্ৰ শিশু সকলে প্ৰয়োজনীয় সুবিধা লাভ কৰিবলৈ সক্ষম হয়।
২০২১ চনত ভাৰতৰ স্বাক্ষৰতা হাৰ ৭০.০৪ শতাংশ হৈছে বুলি জনা গৈছে।স্বাধীনোত্তৰ কালত ভাৰতৰ স্বাক্ষৰতা হাৰ ১২ শতাংশ আছিল।তাৰ পিছৰ পৰা ক্ৰমান্বয়ে প্ৰতি বছৰে স্বাক্ষৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে।ইয়াৰ পিছতো ভাৰতে ইয়াৰ বাবে এক দীঘলীয়া পথ অনুসৰণ কৰিবলগীয়া আছে।এতিয়াও ভাৰতত আন দেশৰ তুলনাত বৃহৎ সংখ্যক নিৰক্ষৰ প্ৰাপ্ত বয়স্কৰ লোক আছে।বিশ্বৰ মুঠ নিৰক্ষৰ জনসাধাৰণৰ এক তৃতীয়াংশতকৈও অধিক আছে।ভাৰতত লাখ লাখ লোকে দৰিদ্ৰতা সৈতে যুঁজি আছে।যিটোৱে তেওঁলোকৰ মৌলিক শিক্ষা লাভৰ বাধাৰূপে থিয় দিয়ে।তদুপৰি কিছুৱে আকৌ শিক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বহন কৰিবলৈ নোৱাৰাৰ বাবে স্কুলীয়া শিক্ষা পৰিহাৰ কৰি আহিছে।টপচেম চিমেণ্ট সমাজৰ দৰিদ্ৰ লোক সকলৰ বাবে গ্ৰহণ কৰা কল্যাণমূলক সেৱা কাৰ্যসূচী এইটো এটা অংশ ,এই প্ৰচেষ্টাৰ জৰিয়তে টপচেম চিমেণ্ট বঞ্চিত শিশু সকলক শৈক্ষিক যাত্ৰা চলাই নিব পাৰিব বুলি আশা কৰিছে।
চাইল্ডলাইন ১০৯৮ হৈছে দেশজুৰি ২৪ ঘণ্টাই উপলব্ধ টোল ফ্ৰী ফোন সেৱা।প্ৰয়োজন হোৱা শিশু সকলৰ যত্ন আৰু সুৰক্ষা প্ৰদান নিশ্চিত কৰে।এই সেৱাক ২০০১ ৰ ১০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চহৰত আৰম্ভ কৰা হৈছিল।চাইল্ড লাইন গুৱাহাটীৰ/আইচিভিডব্লিউ-এএছবিয়ে সকলো পৰিস্থিতি শিশু সকলক তেওঁলোকৰ প্ৰয়োজনীয় জৰুৰীকালীন সহায় প্ৰদান কৰে।তেওঁলোকৰ দীৰ্ঘম্যাদী যত্ন আৰু পুনসংস্থাপনৰ বাবে তেওঁলোকে প্ৰাসংগিক সেৱাৰ সৈতে সংযোগ সাধন কৰে।কামৰূপ মেট্ৰৰ চাইল্ড কেয়াৰ হোমে সকলোৰে সৈতে সংযোগ সাধন কৰে।

Leave A Reply

Your email address will not be published.