এশ শতাংশ উত্তীৰ্ণৰে উজলিল মাজুলীৰ শংকৰদেৱ চিনিয়ৰ একাডেমী

0 195

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজনি মাজুলীৰ ৰতনপুৰ মিৰি,নয়াবজাৰস্থিত শংকৰদেৱ চিনিয়ৰ একাডেমী (বিজ্ঞান শাখা প্ৰতিষ্ঠান)ৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।উজনি মাজুলীৰ শংকৰদেৱ চিনিয়ৰ একাডেমী পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই বৰ্ষত ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।তাৰে ৬ গৰাকী প্ৰথম বিভাগত, দ্বিতীয় বিভাগত ১৮ গৰাকী আৰু ৬ গৰাকী তৃতীয় বিভাগত লেটাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে। উল্লেখযোগ্য যে, ২০২১ চনত প্ৰতিষ্ঠা লাভ কৰা বিজ্ঞান শাখাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰ সাফল্যৰ বাবে অঞ্চলটোৰ ৰাইজে প্ৰশংসাৰে উপচাই পেলাইছে।
বাতৰি যুগুতালে মাজুলীৰ পৰা প্ৰাঞ্জল গাৰে৷

Leave A Reply

Your email address will not be published.