আজিৰপৰা আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো ১৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই দিৱসৰ শুভাৰম্ভ হয়। উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত জিলা প্ৰতিষেধক বিষয়া ডা. গণেশ চন্দ্ৰ ব্ৰহ্মই এই দিৱসৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত কণ কণ ছাত্ৰ ছাত্ৰীসকলক পেলুৰ প্ৰতিষেধক প্ৰদান কৰা হয়। এই অনুষ্ঠানত ওদালগুৰি জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প বিষয়া নমল সিং বৰগয়াৰি, ডি চি এম সঞ্জীৱ কুজুৰৰ লগতে আন আন স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ক`ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আশা, এএন এমসকলে ঘৰে ঘৰে গৈ ১-১৯ বছৰ পৰ্যন্ত সকলো ল’ৰা-ছোৱালীৰ মাজত পেলু প্ৰতিষেধক বিতৰণ কৰিব।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন