কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ মধ্যকালীন অধিৱেশন ২০২৩

0 199

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ মধ্যকালীন অধিৱেশন ২০২৩। অধিৱেশনত উপস্থিত থাকে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদাক শোণিতকুমাৰ ভূঞা।

তেওঁ কয় অসমত সম্প্ৰতি চাৰিপ্ৰকাৰৰ প্ৰাণীয়ে সাংবাদিকতা কৰে ৷ পেছাগত সাংবাদিকতাৰ নামত সমাজত এনে এটা শ্ৰেণীৰ উদ্ভৱ হৈছে যিটো শ্ৰেণীয়ে সমাজখনৰ পৰিৱেশটো কলুষিত কৰিছে ৷ চাৰি প্ৰকাৰৰ সাংবাদিকতাৰ প্ৰথমটো হৈছে লক্ষ্য উদ্দেশ্য একো নাই, কেৱল কৰিব লাগে কাৰণে সাংবাদিকতা কৰে৷

দ্বিতীয়টো কেৱল নিজৰ নামটোৰ বাবে কৰে সাংবাদিকতা ৷ সাংবাদিক পৰিচয় পত্ৰৰ জৰিয়তে সমাজত হোৱা সভা সমিতিৰ আগস্থান পাবলৈ সাংবাদিকতা কৰে, সেইসকল সাংবাদিকৰ পইছাৰ প্ৰতি মোহ নাই৷

তৃতীয়টো হ’ল সাংবাদিকতাৰ পৰিচয় পত্ৰ খনত এ টি এম কাৰ্ড বুলি ভবা, সমাজখনৰ সন্মুখত সাংবাদিকতাক শেষ কৰি দিয়া, যাক ব্লেকমেইলাৰ বুলি কোৱা হয়, যাক সমাজৰ নিকৃষ্ট প্ৰাণী বুলি কোৱা হয়, যি নিজৰ লগতে জাতি আৰু সংবাদ প্ৰতিষ্ঠানটোক ঠগিছে তেওঁলোক হ’ল তৃতীয় শ্ৰেণীৰ সাংবাদিক ৷

আনহাতে, চতুৰ্থটো হ’ল সঁচা অৰ্থত সমাজখনৰ হকে কিবা এটা কৰাৰ মানসিকতা থকা, সমাজৰ পৰা কিবা এটা কথা শিকাৰ ইচ্ছা থকা, জাতিটোক কিবা এটা দি যোৱাৰ মানসিকতা থকা ৷ সীমিত সুবিধাৰ মাজত বাধা বিঘিনি নেওচি আগবঢ়া সাংবাদিকজন চতুৰ্থ শ্ৰেণীৰ সাংবাদিক৷ আৰু সেই চতুৰ্থ শ্ৰেণীৰ সাংবাদিকসকলৰ সংগঠনেই হ’ল কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা৷”

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ মধ্যকালীন অধিৱেশনত উপস্থিত থাকি ‘প্ৰতিদিন টাইম’ৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই এইদৰে কয় ৷ উল্লেখ্য যে কাজিৰঙাৰ বন আৰু জনৰ সমান্তৰালকৈ কাষৰীয়া বিভিন্ন এলেকাৰ দুখ-দুৰ্দশা, অভাৱ-সমস্যা, সফলতা-সংৰক্ষণ, সাহিত্য-সংস্কৃতি আদি সম্বন্ধীয় বিভিন্ন বিষয় বিভিন্ন সময়ত তুলি ধৰাৰ প্ৰয়াস কৰা কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ মধ্যকালীন অধিৱেশন সম্পন্ন হয় ৷

অধিৱেশনৰ পুৱা ৯-০০ বজাত পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা আৰু স্মৃতি তৰ্পণ কৰে সম্পাদক ৰঞ্জিত ৰজকে ৷ পুৱা ৯-৩০ বজাত সংস্থাৰ মধ্যকালীন কাৰ্য নিৰ্বাহক সভা অনুষ্ঠিত হয়। কাৰ্য নিৰ্বাহ সভাত কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ শেহতীয়া কাম-কাজ সমূহৰ বিশদ আলোচনা কৰাৰ লগতে চলিত বৰ্ষৰ অহা ৯ আৰু ১০ ডিচেম্বৰত সংস্থাৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ উদ্যোগত ৫ টা শিতানত বিভক্ত কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণ্য মান্য ব্যক্তিক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ লগতে কাৰ্যনিৰ্বাহ সভাতে দুজন নতুন সদস্য অনুজ বেলোৱাৰ আৰু পীয়ূষ দাসক সংস্থাত অন্তৰ্ভুক্ত কৰা হয় ৷

ইয়াৰ পাছতে কাজিৰঙা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেবত মহন্তৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰে। কাজিৰঙাৰ প্ৰথমগৰাকী সাংবাদিক প্ৰয়াত বাপকণ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয় ৷ ইয়াৰ পাছতে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সভাপতি জিতু শৰ্মা ৰাজখোৱাই মঞ্চ মুকলি কৰে ৷

তেওঁ কয় যে জনগণৰ স্বাৰ্থত তাহানিৰে পৰা অগ্ৰজ সাংবাদিক সকলে অহোপুৰুষাৰ্থ কৰি একাংশই ৰাষ্ট্ৰযন্ত্ৰ আক্ৰোশৰ বলি পৰ্যন্ত হ’ব লগা হৈছে। তাৰ ব্যতিক্ৰম এতিয়াও নহয় বুলি উল্লেখ কৰি শৰ্মাই কয় এতিয়া নৱপ্ৰজন্মৰ সংবাদকৰ্মী সকলে সঠিক দিশ নিৰ্ণয় কৰাৰ সময়।

কাজিৰঙাৰ মফচলীয়া সাংবাদিকসকলে বছৰ বছৰ ধৰি বন আৰু জনৰ স্বাৰ্থত সংবাদ পৰিবেশন কৰি এক নিদৰ্শন দাঙি ধৰিছে আৰু এয়া ভৱিষ্যতলৈ অব্যাহত থাকক বুলি মত পোষণ কৰে ৷ ৰাজখোৱাৰ বক্তব্যৰ পাছতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰেখা শৰ্মাৰ কথা-সুৰ আৰু শিক্ষক ৰঞ্জিত শৰ্মাৰ পৰিচালনাৰে কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে ‘কাজিৰঙা’ শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰে ৷

ইপিনে, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মাই সভাপতিত্ব কৰা অনুষ্ঠানত সম্পাদক ৰঞ্জিত ৰজকে উদ্দেশ্য ব্যাখ্যা কৰে। সাম্প্ৰতিক সময়ত একাংশ সংবাদ মাধ্যমে লোৱা সস্তীয়া ভূমিকা শুদ্ধ কৰাৰ সময় সমাগত৷ সাংবাদিকতাৰ ক্ষেত্ৰখনক সুস্থভাৱে আগবঢ়াই নিবৰ বাবে সকলো পক্ষক সহযোগিতা কৰিবলৈ মুকলি সভাৰ আদৰণি ভাষণযোগে আহ্বান জনায় সংস্থাৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহাই ৷

মুকলি সভাত ‘সংবাদ মাধ্যমৰ সমসাময়িক ধাৰা আৰু গণমুখী জনসংযোগত ইয়াৰ ভৱিষ্যত’ শীৰ্ষক আলোচনা আগবঢ়ায় বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত দাস, আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাসে ৷ তেওঁলোকে সাংবাদিকৰ শেহতীয়া ধাৰা সন্দৰ্ভত স্পষ্ট বক্তব্য স্পষ্ট কৰে ৷ অনুষ্ঠানত কেইবাটাও শিতানত প্ৰদান কৰিবলগীয়া কাজিৰঙা বঁটা ২০২৩-২৪ মুকলি কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকাই৷ কাজিৰঙাৰ কঁহৰা নাট্য মন্দিৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই কয় যে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই ইতিমধ্যে বহুকেইটা বসন্ত গৰকি ৰাজ্যৰ সংবাদ জগতত দায়িত্বশীল ভূমিকা আগবঢ়াইছে ৷

কাজিৰঙাৰ লগতে সমীপৱৰ্তী অঞ্চলৰ বিভিন্ন সমস্যা সমূহ দৃষ্টিগোচৰ কৰাৰ সমান্তৰালভাৱে সাহিত্য, সংস্কৃতি, ক্ৰীড়া, শৈক্ষিক আদি সকলো দিশতে অনুকুল বাতাবৰণৰ সৃষ্টি কৰি সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দেখুৱাইছে বুলিও তেওঁ উল্লেখ কৰে ৷

মানুহৰ ৰুচিবোধ সলনি হোৱাৰ বাবেই সংবাদ মাধ্যমৰ ধাৰা সলনি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে সাংবাদিক সকল গণতন্ত্ৰৰ চিৰ জাগ্ৰত সেৱক। সাংবাদিকসকলে প্ৰত্যাহ্বান আৰু প্ৰতিকূলতাকো আওকাণ ৰাইজৰ বাবে প্ৰতিনিয়ত দায়বদ্ধ হৈ থাকে।

সাংবাদিকসকলৰ কৰ্তব্য নিষ্ঠা,পৰিশ্ৰম আৰু ত্যাগ সদায়ে প্ৰশংসনীয় বুলি মত ব্যক্ত কৰে ৷ ইপিনে, স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই কয়, ‘খবৰৰ প্ৰতিযোগিতাত যাতে ‘খবৰ’ কেতিয়াও ইয়াৰ সন্তুলন হেৰুৱাই পেলোৱাৰো উপক্ৰম নহয়, তাৰ প্ৰতি সংবাদসেৱীসকলে বিশেষকৈ ধ্যান দিলে অসন্তুলিত খবৰৰ বিৰূপ প্ৰভাৱ সমাজত কেতিয়াও নপৰিব।’

তেওঁ গণচেতনা আৰু আশা-আকাংক্ষাক প্ৰকৃতাৰ্থত হৃদয়ংগম কৰি এখন জাগ্ৰত আৰু কল্যাণমুখী সমাজ গঢ়াৰ ক্ষেত্ৰত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই অনাগত সময়ত ইতিবাচক ভূমিকা পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে ৷ কবি দেৱপ্ৰদীপ বৰা, অধিবক্তা জগত কলিতা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক পলিমা চেতিয়া বসুমতাৰী, গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক পৱন কামান, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, সংবাদসেৱীসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

অনুষ্ঠানত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ তৰফৰ পৰা সাহিত্যিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক মাখন লাল বাঢ়ৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সংস্থাৰ সহকাৰী সম্পাদক বিতোপন মাজিয়ে আঁত ধৰা অনুষ্ঠানটিত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ হৈ কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ফুলাম গামোছা, চেলেং চাদৰ, সফুঁৰা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে বাঢ়ৈক সন্মান জনায় ৷

উল্লেখ্য যে ,বাঢ়ৈয়ে খুমটাই চাহ বাগিছাৰ এটি পিছ পৰা অঞ্চলৰ পৰা বিগত ২৮ বছৰ ধৰি জননী বাৰ্তা নামৰ সংবাদ পত্ৰ এখনৰ মুখ্য সম্পাদকৰ দায়িত্ব পালনৰ লগতে প্ৰকাশ আৰু প্ৰচাৰৰ নেতৃত্ব লৈ চাহ বাগিছাৰ সমাজত নীৰৱে এক বৌদ্ধিক আন্দোলন চলাই আহিছে৷ তেখেতৰ উক্ত কৰ্মক সন্মান জনাই সাংবাদিক সংস্থাই সম্বৰ্ধনা জ্ঞাপন কৰে৷

Leave A Reply

Your email address will not be published.