কাজিৰঙা নিউজ নেটৱৰ্কৰ কাজিৰঙা বঁটা ২০২২ ঘোষণা-১৯ মাৰ্চত ৰাইজৰ খবৰ বাতৰি কাকতৰ ১৭ সংখ্যক বৰ্ষপূৰ্তিত বঁটা প্ৰদান

0 165

বোকাখাত মহকুমা সাংবাদিক সন্থাৰ পৃষ্ঠপোষকতাত ২০০৬ চনত আত্ম প্ৰকাশ কৰিছিল বোকাখাত মহকুমাৰ পৰা প্ৰকাশিত একমাত্ৰ সাপ্তাহিক বাতৰি কাকত ৰাইজৰ খবৰে৷ আৰ এন আই স্বীকৃতিপ্ৰাপ্ত বাতৰি কাকতে ধাৰাবাহিকভাৱে প্ৰকাশিত হৈ ইতিমধ্যে ১৭ টা বৰ্ষত ভৰি দিছে ৷ অহা ১৯ মার্চ, ২০২৩ তাৰিখ দেওবাৰে ৰাইজৰ খবৰৰ ১৭ সংখ্যক বর্ষপূর্তি উপলক্ষে অসম ভিত্তিত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যায়লৈ সদনৰ মতে “সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমৰ ভুমিকা আৰু স্থিতি, গণতন্ত্ৰৰ বাবে ভাবুকি নহয়” শীৰ্ষক এক তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে । বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হ’ব লগা ৰাইজৰ খবৰৰ ১৭ সংখ্যক বৰ্ষপূর্তিৰ লগত সংগতি ৰাখি বোকাখাতৰ এচাম নবীন সাংবাদিকৰ দ্বাৰা গঠিত সংবাদ প্রতিষ্ঠান আৰু সামাজিক, সাংস্কৃতিক অনুষ্ঠান ‘কাজিৰঙা নিউজ নেটৱৰ্কে’ বিগত বৰ্ষৰ দৰেই এই বছৰো “কাজিৰঙা বঁটা – ২০২২” প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে জুৰি বৰ্ডে বঁটাপ্ৰাপক সকলৰ নাম তালিকা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু ভাৰপ্ৰাপ্ত সচিবৰ হাতত জমা দিছে ৷ উল্লেখ্য যে প্ৰতিবছৰে প্ৰদান কৰি অহা কাজিৰঙা নিউজ নেটৱৰ্কৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ঊনবিংশতিতম্ বৰ্ষত প্ৰদ্যুত মহন্ত সোঁৱৰণি গোলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ সাংবাদিক বঁটা এইবাৰ প্ৰদান কৰিব গোলাঘাট জিলা সৰুপথাৰৰ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সাংবাদিক দ্বীপেন কুমাৰ বৰাক, সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণি গোলাঘাট জিলা ভিত্তিত নবীন সাহিত্য বঁটা প্ৰদান কৰিব দেৰগাঁৱৰ শিক্ষয়িত্ৰী, কবি, সাহিত্যিক অংকুৰিতা ফুকনক, সেইদৰে অসম ভিত্তিত ধনীল বৰঠাকুৰ সোঁৱৰণি শ্ৰেষ্ঠ সাংস্কৃতিক কর্মী বঁটা প্ৰদান কৰিব বোকাখাতৰ অভিনেতা, নাট্যকাৰ তথা পৰিচালক অমৰ শৰ্মাক, ডিম্বেশ্বৰ শ‍ইকীয়া সোঁৱৰণি গোলাঘাট জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা প্ৰদান কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা গোলাঘাট জিলা সৰুপথাৰৰ স্নেহা শইকীয়াক, মহেন্দ্ৰনাথ শ‍ইকীয়া সোঁৱৰণি গোলাঘাটত জিলা ভিত্তিত শ্রেষ্ঠ শৈক্ষিক বঁটা প্ৰদান কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলা ভিত্তিত সৰ্বোচ্চ নম্বৰ লাভ কৰা গোলাঘাটৰ ৰাস্না গগৈক৷এই বঁটাসমূহ অহা ১৯ মাৰ্চত বোকাখাত নাট্য মন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাইজৰ খবৰ বাতৰি কাকতৰ ১৭ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ মাজতে প্ৰদান কৰা হ’ব।এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে এই কথা সদৰি কৰিছে কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দুৱৰা আৰু ভাৰপ্ৰাপ্ত সচিব দিব্যজ্যোতি হাজৰিকাই ৷

বাতৰি যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷

Leave A Reply

Your email address will not be published.