সাংবাদিকৰ সৈতে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালকৰ সৌহাদ্যমূলক মত বিনিময়

0 151

গোলাঘাট জিলাৰ নুমলীগড়ত নিৰ্মিয়মান বাহৰ পৰা ইঠানল প্ৰস্তুত কৰা পৃথিৱীৰ ভিতৰতে প্ৰথমটো বায়ৰিফাইনেৰী চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’ব। মেকানিকেল কাম কাজ সমূহ সম্পূৰ্ণ হোৱাৰ প্ৰায় দুমাহ অৰ্থাৎ ২০২৪ চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এই বায় ৰিফাইনেৰীটো উৎপাদনক্ষম হৈ উঠিব । ইতিমধ্যে ৮০ শতাংশ কাম সম্পূৰ্ণ হোৱা এই বায় ৰিফানেৰীটো কাৰ্যক্ষম হৈ উঠিলে ই অসমৰ অৰ্থনিতীত এক আমূল পৰিবৰ্তন অনাৰ লগতে পৰিবেশ ভাৰসাম্যতা ৰক্ষা কৰাৰ ক্ষেত্ৰতো বিশেষ প্ৰভাৱ পেলাব।

কালি গোলাঘাটত সংবাদ মাধ্যমৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে কয় নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে । সৌহাদ্যমূলক এই মত বিনিময়ত ফুকনে বিশেষকৈ নুমলীগড় তেল শোধনাগাৰৰ ৩ মেট্ৰিকটনৰ পৰা ৯ মেট্ৰিকটন শোধন ক্ষমতালৈ উন্নীত কৰাৰ ক্ষেত্ৰত চলি থকা কাম কাজৰ অগ্ৰগতি, বায় ৰিফাইনেৰীৰ কাম কাজৰ অগ্ৰগতিৰ লগতে নুমলীগড় শোধনাগাৰে ৰাজহুৱা স্বাৰ্থত গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনি সন্দৰ্ভত সাংবাদিকৰে আলোচনা কৰে।

পৰিচালন সঞ্চালক গৰাকীয়ে জনোৱা মতে, প্ৰস্তাৱিত বাঢ়ি ৰিফাইনেৰীটো প্ৰথম অবস্থাত ১২ শ কোটি টকাৰে নিৰ্মাণ কৰাৰ প্ৰস্তুতি কৰা হৈছিল যদিও পৰবৰ্তী সময়ত অধিক অধ্যয়ন কৰি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰিবলৈ লোৱাত ইয়াৰ ব্যয়ৰ পৰিমান প্ৰায় ৩ হাজাৰ কোটি টকালৈ বৃদ্ধি পালে।

বৰ্তমান সময়ত ইঠানলৰ চাহিদা ক্ৰমাগত ভাবে বৃদ্ধি পোৱা বুলি মন্তব্য কৰি পৰিচালনা সঞ্চালক ফুকনে কয় যে নুমলীগড়ৰ এই বাঢ়ি ৰিফানেৰীটোৱে প্ৰতিবছৰে ৪৯ হাজাৰ মেট্ৰিক টন ইঠানল প্ৰস্তূত কৰিবলৈ পৰিকল্পনা কৰাৰ লগতে ইয়াৰ পৰা কেইবাটাও লাভজনক কেমিকেল বাঢ়ি প্ৰডাক্ট হিচাপে প্ৰস্তূত কৰিবলৈ যো-জা কৰিছে ।

এই বায়’ ৰিফানেৰীটো কাৰ্যক্ষম হৈ উঠিলে বছৰি ২ শ কোটি টকা কেঁচা মাল আৰু পৰিবহন আদিৰ দৰে সেৱাৰ বাবে খৰছ কৰা হ’ব। লগতে বাহগছে যিহেতু অন্যান্য গছতকৈ ৩০ শতাংশ অধিক কাৰ্বন ডাই অক্সাইড শুহন কৰিব পাৰে তেনেক্ষেত্ৰত ইয়াৰ পৰা প্ৰাকৃতিক পৰিবেশত বিশেষ প্ৰভাৱ পৰিব বুলি ফুকনে মন্তব্য কৰে । তেওঁ লগতে কয় যে এই গোটেই বায় ৰিফাইনেৰীটো কাৰ্বন নিগেটিভ প্ৰজেক্ট হিচাপে গঢ়ি তোলা হ’ব।

ৰিফানেৰীয়ে ইয়াৰ কেঁচা মাল হিচাপে গোলাঘাট জিলাৰ ২৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ পৰা বাহ সংগ্ৰহ কৰাৰ পৰিকল্পনাৰ কথা জানিবলৈ দি পৰিচালন সঞ্চালক ভাস্কৰ ফুকনে কয় যে,এই বাঢ়ি ৰিফানেৰীটো সুস্থিৰ ভাবে চলিবলৈ বছৰি ২ কোটি বাহৰ প্ৰয়োজন হ’ব।এই বাহ ২৫০ কিলোমিটাৰ এলেকাৰ পৰাই খেতিয়ক সকলে ৰিফাইনেটোত যোগান ধৰিব । ইয়াৰ পৰা খেতিয়কসকলো আৰ্থিকভাৱে লাভাম্বিত হ’ব।

ফুকনে লগতে কয় যে,এটা সময় আছিল যেতিয়া অসমৰ প্ৰতিখন গাৱত প্ৰতিটো পৰিয়ালত বাহ গছ আছিল, কিন্তু খেতিয়কসকলে তেতিয়া ইয়াৰ উচিত মূল্য নোপোৱাত বাহ গছ ৰোপনত গুৰুত্ব নিদিয়া হৈছিল । নুমলীগড় বায় ৰিফানেৰীয়ে সেই পুৰনি পৰিবেশ ঘূৰাই আনিবলৈ চেষ্টা কৰি ইতিমধ্যে বিভিন্ন জন কৃষকক বাহ খেতি কৰিবলৈ উৎসাহিত কৰিছে । লগতে অসম বায় ৰিফাইনেৰীয়ে শেহতীয়াকৈ এখন MOU স্বাক্ষৰ কৰি বন বিভাগৰ উদ্যোগত গোলাঘাট, নগাঁও আৰু তেজপুৰত তিনিখন বাহ পুলিৰ নাৰ্চাৰী নিৰ্মাণ কৰিছে ।

এই নাৰ্চাৰী তিনিখনে বছৰি ৬০ হাজাৰ জোপা বাহৰ পুলি প্ৰস্তূত কৰিব আৰু অতি নুন্যতম মূল্যত এই পুলি সমুহ খেতিয়কক যোগান ধৰিবলৈ ব্যবস্থা গ্ৰহণ কৰিব বুলি ভাস্কৰ ফুকনে জানিবলৈ দিয়ে । কেঁচা মালৰ পৰ্যাপ্ত তাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ফুকনে উত্তৰ পূৰ্বাঞ্চলত বছৰি ৫ শ মেট্ৰিক টন বাহ কাটিব পৰাকৈ উৎপাদন হয় ,নুমলীগড় বাঢ়ি ৰিফানেৰীৰ বাবে মাত্ৰ ০.৩ মেট্ৰিক টন হে বাহৰ প্ৰয়োজন ।গতিকে, কেতিয়াও কেঁচামালৰ বাবে বাঢ়ি ৰিফানেৰীটো বিপদৰ সন্মুখীন নহয় বুলি ফুকনে মন্তব্য কৰে । আনহাতেদি,নুমলীগড় তেল শোধনাগাৰক ৩ ৰ পৰা ৯ মেট্ৰিক টনলৈ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰতো তীব্ৰ গতিত কাম কাজ চলি থকা বুলি মন্তব্য কৰি পৰিচালন সঞ্চালক গৰাকীয়ে কয় যে,ৰিফানেৰীটোৰ উন্নীতকৰণৰ কাম বৰ্তমানলৈকে ৩২ শতাংশ সম্পূৰ্ণ হৈছে।বিগত সময়ছোৱাত কৰ’না আৰু ইউক্ৰেনৰ যুদ্ধৰ বাবে ইয়াৰ উন্নয়নৰ কাম কাজত কিছু স্থবিৰতা আহিছিল যদিও বৰ্তমান পূৰ্ণ গতিত পাইপলাইনকে ধৰি সকলো কাম কাজ চলি আছে।

২০২৪ চনৰ ডিচেম্বৰত ৰিফানেৰীটোৰ মেকানিকেল কাম কাজ সমুহ সম্পূৰ্ণ হ’ব আৰু ২০২৫ ৰ মাৰ্চত ই কাৰ্যক্ৰম হৈ উঠিব বুলি পৰিচালন সঞ্চালক গৰাকী আশাবাদী।নুমলীগড় ৰিফানেৰীৰ শোধন ক্ষমতা বৃদ্ধিৰ বাবে চলোৱা প্ৰস্তূতিৰ সময়ত ইয়াৰ মুঠ ব্যয়ৰ পৰিমান প্ৰায় ২২ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও পৰবৰ্তী সময়ত ইয়াৰ পৰিমান প্ৰায় ২৮ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে । বৰ্তমান সময়ত তৈলক্ষেত্ৰত হোৱা বিভিন্ন পৰিবৰ্তনৰ দিশলৈ লক্ষ্য ৰাখি অধিক অধ্যয়ন কৰাৰ পাছত নুমলীগড়ৰ ফুৱেল বেছ ৰিফানেৰীটো পেট্ৰ কেমিকেল ৰিফানেৰীলৈ উন্নীত কৰিবলৈ প্ৰচেষ্টা কৰাৰ বাবেই ইয়াৰ ব্যয়ৰ পৰিমান বৃদ্ধি পোৱা বুলি ভাস্কৰ ফুকনে জানিবলৈ দিয়ে।

ইফালে,নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে মাজে সময়ে প্ৰকাশ পোৱা দুৰ্নীতি,কেলেংকাৰী অভিযোগ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নিজস্ব অভিমতেৰে পৰিচালন সঞ্চালক ফুকনে কয় যে, নুমলীগড় শোধনাগাৰৰ আভ্যন্তৰীণ নিৰীক্ষণ ব্যৱস্থা অতি কঠোৰ।আমি সমাজৰ প্ৰতিবিম্ব।সমাজখনত সমালোচনা কৰা মানুহৰ অভাৱ নাই । কাম নকৰা মানুহেহে সমালোচনা কৰে।

কোনোবাই নিজৰ দক্ষতাৰে আগবাঢ়ি গ’লে ঈৰ্ষাকাতৰ হৈ তললৈ টানিবলৈ চেষ্টা কৰাটো আমাৰ মাজৰে বহুতৰে সহজাত প্ৰবৃত্তি । আমি নিজৰ স্বাৰ্থৰ কাম কৰা নাই । তাৰ মাজতো অৱশ্যে ভুল ক্ৰটি থাকিব পাৰে ।কিন্তু ভাল কামবোৰক নস্যাৎ কৰি কৰা ঋণাত্মক প্ৰচাৰে সমাজৰ কাম কৰা মানুহক নিৰুৎসাহ কৰে । সংবাদ মাধ্যমৰ গঠনমূলক সমালোচনাক সদায়েই আদৰণি জনাব বুলি উল্লেখ কৰি সংশ্লিষ্ট সকলোৰে সহযোগিতাৰ প্ৰতি আহ্বান জনায় ।অনুষ্ঠানত ফুকনে লগতে নুমলীগড় তেল শোধনাগাৰে কৰি অহা বিভিন্ন কল্যানমূলক আঁচনিৰ কাম কাজৰ কথা ব্যক্ত কৰি কয় যে নুমলীগড় তেল শোধনাগাৰে গোলাঘাট সদৰ নগৰখনত জাবৰ নিষ্কাষণৰ বাবে বিশেষ পৰিকল্পনা কৰিছে।

ইতিমধ্যে শোধনাগাৰ কৰ্তৃপক্ষই জিলা উপায়ুক্তক এই বিষয়ে অবগত কৰিছে আৰু উপায়ুক্তগৰাকীয়ে ইয়াৰ ব্যবস্থা গ্ৰহনৰ আশ্বাস দিয়া বুলি জানিবলৈ দিয়ে । ফুকনে কয় যে,নগৰখনৰ জাবৰ জোথৰে যাতে ধনশিৰি নৈ খন প্ৰদূষিত কৰিব নোৱাৰে তাৰবাবে নুমলীগড় শোধনাগাৰে এই পদক্ষেপ গ্ৰহন কৰিছে । গোলাঘাট নগৰত শোধনাগাৰে সামাজিক দায়বদ্ধতা আচনিৰ অধীনত আৰক্ষীৰ সহযোগত চি চি টিভি স্থাপন কৰিবলৈ এক যো জা কৰাৰ লগতে গোলাঘাট ষ্টেডিয়ামত পৰ্যাপ্ত লাইটেৰে উজ্বলাই তুলিবলৈ আগবাঢ়ি অহা বুলি পৰিচালন সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে ।

আজিৰ এই সৌহাদ্যমূলক আলোচনাপৰ্বত গোলাঘাট সদৰৰ সাংবাদিকসকলে নুমলীগড় শোধনাগাৰৰ দক্ষ বিষয়া, পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনক বিশেষভাৱে সম্বৰ্ধনা জনায় । অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধক ড° কাজল শইকীয়া, মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈ, উপ-মহাপ্ৰৱন্ধক বিশ্বজিৎ বৰাই অংশগ্ৰহণ কৰে।অনুষ্ঠানত সদৰৰ জ্যেষ্ঠ সাংবাদিকসকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

Leave A Reply

Your email address will not be published.