আজিৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ এশিঙীয়া গঁড়ৰ গণনা।২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চ তাৰিখেলৈকে উদ্যানখনত সম্পন্ন হ’ব ১৪ সংখ্যক এই গঁড় গণনা কাৰ্যসূচী।উল্লেখ্যে যে, ইয়াৰ পূৰ্বে ২০১৮ চনত হৈছিল অসম গৌৰৱ এটা খর্গযুক্ত গঁড়ৰ গণনা৷ ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ কুমাৰ গগৈয়ে জনোৱা অনুসৰি বনকৰ্মী, বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱকৰ সহায়ত সম্পন্ন কৰা হৈছে এই গণনা।শেহতীয়াকৈ ২০১৮ বৰ্ষত চলা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪১৩টা গঁড়ৰ সংখ্যা পোৱা গৈছিল। উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি এইবাৰৰ গঁড়ৰ গণনাৰ বাবে উদ্যানখনক ৮৪ টা কম্পার্টমেণ্টত ভাগ কৰা হৈছে৷আজি প্ৰথম দিনটোত ডিফলু নদীৰ দক্ষিণ অংশত কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ৪৮ টা কম্পার্টমেণ্টত আৰু দ্বিতীয় দিনা ডিফলু নদীৰ উত্তৰ দিশে অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ বাকী থকা ৩৬ টা কম্পার্টমেণ্টত গণনাকার্য চলোৱা হ’ব ৷আনহাতে, ২৮ মাৰ্চ তাৰিখে সন্দেহ থকা অঞ্চলত পুনৰ গণনা কৰা হব। এই গণনাকার্যৰ বাবে মুঠ ৬৩ গৰাকী বিশেষজ্ঞক উদ্যান কর্তৃপক্ষই আমন্ত্ৰণ কৰিছে৷ গণনা কাৰ্যসূচী যাতে সূচাৰুৰূপে সম্পন্ন কৰিব পৰা যায় সেই শুকুৰবাৰৰ দিনটোত কহঁৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত এখনি বিশেষ সভাৰ আয়োজন কৰা হয়। উল্লেখ্যে যে, ১৯৬৫ চনত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় গণনা কাৰ্যসূচী অনুষ্ঠিত হৈছিল।
Trending
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ