কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ ১৬ গৰাকী কৃতি শিক্ষকক সম্বৰ্দ্ধনা

0 167

সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কামৰূপ জিলা প্ৰশাসন, জিলাৰ শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষা বিভাগ,কামৰূপৰ উদ্যোগত শিক্ষক দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ সভপতিত্বত আয়োজিত অনুষ্ঠানত জিলাখনৰ প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১২ গৰাকী কৃতী শিক্ষকক সম্বৰ্দ্ধনা জনোৱাৰ উপৰি ৪ গৰাকী সম্ভাৱনীয়তা বহন কৰা কৃতী শিক্ষকক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। তদুপৰি এই অনুষ্ঠানতে জিলা উপায়ুক্ত কীৰ্তি জল্লী তথা অন্যান্য অভ্যাগত সকলে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ কামৰূপিকাৰ শুভ উন্মোচন কৰাৰ উপৰি কামৰূপ জিলা সমগ্ৰ শিক্ষা, কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ যুটীয়া প্ৰচেষ্টাত প্ৰকাশিত শৈক্ষিক পত্ৰিকা “গুৰুবাৰ্তা”ৰ বৈদুতিন আৰু ছপা মাধ্যম আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।
দাৰ্শনিক পণ্ডিত, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি আৰম্ভ কৰা এই কাৰ্যসূচীত সভাপতিত্ব কৰি প্ৰদান কৰা ভাষণত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে শিক্ষক সকলক সমাজৰ মেৰুদণ্ড বুলি অভিহিত কৰি ভৱিষ্যত প্ৰজন্মক সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ দিশত শিক্ষক সমাজে গুৰু দায়িত্ব বহন কৰিব লাগিব বুলি দোহাৰে। ভাষণ প্ৰসংগত জিলা উপায়ুক্তই চৰকাৰী বিদ্যালয় সমূহৰ শিক্ষক সকলে পালন কৰিব লগীয়া গুৰু দায়িত্বৰ কথা দোহাৰে। ইয়াৰ বাবে আজিৰ এই অনুষ্ঠানত জিলাখনৰ কৃতি শিক্ষক সকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জনাই তেওঁলোকক আৰু অধিক উৎসাহিত কৰাৰ প্ৰয়াস চলোৱা হৈছে বুলি তেওঁ কয়। কামৰূপ জিলাৰ দুগৰাকী শিক্ষকে আজি ৰাজ্যিক পৰ্যায়ত অনুস্থিত কাৰ্যসূচীত সম্বৰ্দ্ধিত হোৱাটো জিলাখনৰ বাবে বিশেষ গৌৰৱৰ বিষয় বুলিও তেওঁ কয়। উপায়ুক্ত গৰাকীয়ে লগতে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষণ আৰু পঠন প্ৰক্ৰিয়াৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ দিশত শিক্ষক সমাজক উদ্ভাৱনীমূলক চিন্তা-চৰ্চ্চা কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰদান কৰিবলৈ কয়। এগৰাকী শিক্ষক সদায়ে শিক্ষক বুলি মন্তব্য কৰি উপযুক্ত মানৱ সম্পদ গঢ়ি তুলি ৰাজ্যখনক তথা দেশখনক এক শক্তিশালী দেশ হিচাপে পৰিগণিত কৰি তোলাৰ বাবে আজিৰ এই শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণতে সংকল্পবদ্ধ হবলৈ শিক্ষক সমাজক তেওঁ আহ্বান জনায়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ড০ দুলুমণি গোস্বামীয়ে শিক্ষক সমাজক সমাজৰ মূল অভিযন্তা বুলি উল্লেখ কৰি শিক্ষক সমাজক সমগ্ৰ মানৱ জাতিৰ নিৰ্মাণ কৰোতা বুলি কয়। জ্ঞান, তথ্যৰ এই মহাব্যাপকতাৰ যুগত শিক্ষক সমাজে বহন কৰিব লাগীয়া প্ৰত্যাহ্বান সমূহৰ ওপৰত আলোকপাত কৰি যুগৰ প্ৰত্যাহ্বানৰ লগত নিজকে খাপ খুৱাই ছাত্ৰ-ছাত্ৰী সকলক বৌদ্ধিক, মানসিক তথা কৌশলগত দিশেৰে আগুৱাই নিয়াৰ কামত নিজকে দায়বদ্ধ তথা উৎসৰ্গিত মানসিকতাৰে কৰ্মত ব্ৰতী হোৱাৰ বাবে শিক্ষক সমাজক তেখেতে আহ্বান জনায়। তেও লগতে শিক্ষক দিৱস পালনৰ নামত পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণ কৰাৰ পৰা বিৰত থকাৰ বাবেও সকলোকে আহ্বান জনায়। ভাষণ প্ৰসংগত বৰ্তমানৰ ৰাজ্য চৰকাৰে শিক্ষকৰ প্ৰশিক্ষণৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰা দিশটোৰো তেখেতে শলাগ লয়।
কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই শিক্ষক দিৱসৰ কাৰ্যসূচীত কাৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসুধন মেধিয়েও শিক্ষক দিৱসৰ তাৎপৰ্যৰ আলোকপাতেৰে বক্তব্য প্ৰদান কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.