কালিলৈ অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন

0 273

বহু প্ৰত্যাশিত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে মৰিগাঁও কলেজ খেল পথাৰত স্থাপন কৰা অস্থায়ী নিৰ্বাচনী কাৰ্যালয় পৰা দায়িত্ব প্ৰাপ্ত বিষয়া কৰ্মচাৰী সকলে প্ৰয়োজনীয় সামগ্ৰী লৈ যাত্ৰা আৰম্ভ কৰে।
উল্লেখ্য মৰিগাঁও জিলাৰ ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰত ১৮ টা সমষ্টিৰ বাবে ৮৪১ গৰাকী বিষয়া কৰ্মচাৰীয়ে ভোট গ্ৰহণ কৰিব।পোৱা ৭:৩০ বজাৰ পৰা সন্ধিয়া ৪:৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। আজি পুৱাৰ পৰা মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে সমগ্ৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰি শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি প্ৰকাশ কৰে।
আনহাতে ক’ভিড প্ৰট’কল অনুসৰি ভোট গ্ৰহণ কেন্দ্ৰত মাস্ক, গ্ল’ভচ,চেনিতাইজা, ফেছ চিএণ্ড আদিও যোগান ধৰিছে প্ৰশাসনে।উল্লেখযোগ্য যে কাইলৈ মৰিগাঁও জিলাত ১,৪৩,৬৫৫ ভোটাৰে নিজৰ ভোটাধিকাৰ প্ৰদান কৰিব।

Leave A Reply

Your email address will not be published.