শিৱসাগৰত বাধাগ্ৰস্ত সকলৰ অধিকাৰৰ বিষয়ে জিলা পৰ্য্যায়ৰ সজাগতা অনুষ্ঠান অনুষ্ঠিত

0 251

বাধাগ্ৰস্ত সকলৰ অধিকাৰ আইন- ২০১৬ -ৰ বিষয়ে জন-সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলাৰ যুৱদল প্ৰেক্ষাগৃহত জিলা পৰ্য্যায়ৰ এখন দিনজোৰা সজাগতা সভা অনুষ্ঠিত হয়।
অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত, শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত তথা স্বেচ্ছাসেৱী অনুষ্ঠান “শিশু সাৰথিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই সজাগতা সভাত প্ৰদান কৰা উদ্বোধনী ভাষণত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই সমাজৰ সকলো লোকৰ সম উন্নয়ন হ’ব লাগে বুলি মতপোষণ কৰি বাধাগ্ৰস্ত লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতি সকলোৰে দায়িত্ব আৰু কৰণীয় আছে বুলি উল্লেখ কৰে।
তেওঁ চৰকাৰী বিভাগ সমূহৰ বিষয়া-কৰ্মচাৰী সকলে বাধাগ্ৰস্ত লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ বাবে পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে অৱগত হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে। তেওঁ বাধাগ্ৰস্ত সকলৰ অধিকাৰ আইন- ২০১৬ -ৰ বিষয়ে বিভাগীয় বিষয়া সকলক পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনায়। ইয়াৰ দ্বাৰা বাধাগ্ৰস্ত লোকসকলে পাবলগীয়া সুবিধাসমূহ লাভ কৰাৰ পথ সুগম হ’ব বুলিও তেওঁ মতপোষণ কৰে। তেওঁ বিভাগীয় কাৰ্য্যালয়ৰ সমূহত অহা বাধাগ্ৰস্ত লোকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় সুবিধা সমূহ যেনে ৰেম্প আদিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। বাধাগ্ৰস্ততাৰ বাবে কোনো লোকে অৱজ্ঞা বা অৱহেলাৰ পাত্ৰ যাতে নহয়, তাৰ প্ৰতি সমাজৰ সকলোকে সচেতন হ’বলৈ তেওঁ আহ্বান জনায়।
আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালে আদৰণি ভাষণ প্ৰদান কৰে।শিশু সাৰথিৰ উপ সঞ্চালক অম্বালিকা সেনাপতিয়ে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ মাধ্যমেৰে বাধাগ্ৰস্ত সকলৰ অধিকাৰ আইন- ২০১৬ৰ বিষয়ে বিশদভাৱে অৱগত কৰে।সভাত ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া দুদু দত্তৰ লগতে শিক্ষা, স্বাস্থ্য আদি বিভাগৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.