ক্ৰিকেট খেলপথাৰৰ পৰা চিনেমা জগতলৈ….

1 245

IMG-20170713-WA0025

ভাগ্য ৰথৰ চকৰিৰ দৰে, কোন দিশে কেতিয়া গতি কৰে কোনেও ক’ব নোৱাৰে। কথাষাৰ বিশ্বাস কৰে নে? আজি যদি আপোনাৰ দুখ হৈছে কালিলৈ হয়টো সুখ হ’ব পাৰে! কাৰণ সময়ে কাৰো বাবে অপেক্ষা নকৰে। দুটা উদাহৰণ দিও… আমাৰ দেশৰ মুৰব্বীজনে এসময়ত চাহ বিক্ৰী কৰিছিল আৰু কালাম চাৰে এসময়ত ঘৰে ঘৰে কাকত বিক্ৰী কৰি খৰছ উলিয়াইছিল। আজিৰ তাৰিখত তেখেত সকলৰ জীৱনৰ গতি আৰু সামাজিক প্ৰভাৱৰ কথা বহলাই নক’লেও নিশ্চয়কে সকলোৱে জ্ঞাত। আজি আপোনালোকৰ সন্মুখলৈ এনে এগৰাকী ব্যক্তিৰ কাহিনী আনিছো, যিগৰাকী ব্যক্তিয়ে নিজেই নজনাকৈয়ে এদিন আৰম্ভ হৈছিল সোণালীৰ দিনৰ এক যাত্ৰা।

IMG-20170713-WA0027

তেওঁ কোন জানেনে? তেওঁ হিৰক জ্যোতি দাস। মহানগৰীৰ সমীপৱৰ্ত্তী বিজয় নগৰৰ বাসিন্দা। সম্প্ৰতি মায়ানগৰী মুম্বাইত চিনেমাৰ কলা নিৰ্দেশনাৰ লগত জড়িত হৈ আছে। আচলতে হিৰকৰ এই যাত্ৰাৰ টাৰ্নিং পইণ্ট আছিল অসম ক্ৰিকেট সংস্থাৰ লগত জড়িত হোৱাৰ সময়ৰ পৰা। উল্লেখযোগ্য যে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এবাৰ এখন খেলত লগ পোৱা এগৰাকী Production Controller ৰ অনুপ্ৰেৰণাত হিৰকে এই পেছাৰ লগত সংযোজিত হয়। জানিব পৰা মতে, হিৰকে ৯০ ৰো অধিক গানত কলা নিৰ্দেশনাৰ কাম কৰিছে। তেওঁ জৰিত থকা আন কেইখনমান চিনেমা হ’ল Joker, OMG, Holiday, Bajirao Mastani, South- DJ, Bollywood- Kick 2, আৰু Sahho বৰ্ত্তমান তেওঁ Sahho কামত ব্যস্ত হৈ আছে।

IMG-20170713-WA0024

হিৰকৰ মতে জীৱনটো এটা অনিশ্চিয়তাৰ ভঁৰাল। বহুত সময়ত হতাশাৰ সন্মুখীন হ’লেও সকলোবোৰ পৰিহাৰ কৰি চলিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি।

PicsArt_07-13-07.57.27

হিৰকে অনুজ সকলক nefocus.com ৰ যোগে এটাই বাৰ্ত্তা দিলে যে- জীৱনত কেতিয়াও হাৰ মানিব নালাগে। নিজৰ লক্ষ্য স্থিৰ হ’লে সফলতা অনিবাৰ্য। যেতিয়া মুম্বাইত কাম কৰো, ইয়াৰ মানুহৰ মুখত যেতিয়া শুনা পাও, অসমৰ মানুহবোৰ খুবেই Hard Worker আৰু কলাৰ দিশত আগবঢ়া, এই কথা শুনি  যথেষ্ট গৌৰৱ অনুভৱ কৰো। এই মন্তব্য হিৰক জ্যোতি দাসৰ।

হিৰক জ্যোতি দাসে অনাগত দিনত আৰু আগুৱাই যাওক আমাৰ ফালৰ পৰা বহু শুভকামনা থাকিল।

1 Comment
  1. Pranab das says

    Good bless u হীৰক দাদা

Your email address will not be published.