আজি আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস।সমগ্র দেশতে এই যোগ দিৱস উদযাপন কৰা হৈছে। যোগে কেৱল শাৰীৰিক উৎকৰ্ষ সাধন নকৰে, ই মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।মহামাৰী সংকট কালতো সমগ্র দেশতে এই দিৱস জনপ্ৰিয় হৈ উঠিছে।যোগ দিৱসৰ এই শুভ ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্ব অধিকাংশ বাবে যোগ দিৱস তেওঁলোকৰ কোনো সাংস্কৃতিক পৰ্ব নহয়।এই বিপদৰ সময়ত মানুহক ইয়াক পাহৰি পেলাব পাৰিলেহেঁতেন, উপেক্ষা কৰিব পাৰিলেহেঁতেন, কিন্তু বিপৰীতে মানুহৰ যোগৰ প্ৰতি আগ্ৰহ বাঢ়িছে।লগতে কয় যে ক’ৰণা অদৃশ্য ভাইৰাছ বিশ্বত দেখা দিছিল,তেতিয়া কোনো দেশেই সামৰ্থ আৰু মানসিকভাৱে ইয়াৰ বাবে প্ৰস্তুত নাছিল।আমি সকলো দেখিছো যে এনেকুৱা কঠিন সময়ত যোগ আত্মবলৰ এক ডাঙৰ মাধ্যম হৈছে। স্বাস্থ্য অটুট থাকিবলৈ ভাৰতীয় য়োৱান সকলে সীমান্তৰ শূন্যতকৈ নিম্ন তাপমাত্ৰা থকা ঠাইত শৰীৰ সুস্থ ৰাখিবলৈ যোগৰ অভ্যাস কৰিছে।অনুষ্ঠান, বিশেষে ব্যক্তি বিশেষেও যোগত অংশগ্ৰহণ কৰা দেখা গৈছে।শেষত সকলোকে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনালো।
Trending
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন