কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি

0 61

উত্তৰ পূবৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমৰ কেবাখনো জিলাতো অতি উদ্বেগজনক ভাবে বৃদ্ধি পাইছে কৰ্কট ৰোগ। আনকি ৰাষ্ট্ৰীয় গড়তকৈ অসমত কৰ্কট ৰোগত আক্ৰান্ত লোকৰ লগতে মৃত্যু হোৱা লোকৰো সংখ্যা অধিক বুলি ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়েও সময়ে সময়ে প্ৰতিবেদন প্ৰকাশ কৰি আহিছে। ইফালে গুৱাহাটী বিশ্ববিদ্যালয কৰ্তৃপক্ষই অসমত বৰ্দ্ধিত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি বায়ো ইঞ্জিনিয়াৰিং এণ্ড টেকনোলজি বিভাগৰ অধীনত প্ৰগ্ৰাম ইন কেন্সাৰ বায়োলজী নামৰ এটা দুবছৰীয়া এম এছ চি পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পাঠ্যক্ৰম প্ৰৱৰ্তন সন্দৰ্ভত যোৱা ২৫ ছেপ্টেম্বৰত গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ মুখ্য প্ৰশাসনিক বিষয়া তপন ভট্টাচাৰ্য আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বায়ো ইঞ্জিনিয়াৰিং এণ্ড টেকনোলজি বিভাগৰ মূৰব্বী অধ্যাপক সুভাষ মেধি, বিশ্ববিদ্যালয়ৰ আইন বিষয়া দীপক কুমাৰ তালুকদাৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.