ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয় চৌহদত থকা ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষটো পুনৰ নিৰ্মাণ কৰি নতুন ৰূপত গঢ় দিয়া হৈছে। বিশ্ববন্দিত মহান শিল্পী গৰাকীৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য নতুনকৈ নিৰ্মাণ কৰা সন্মিলন কক্ষটো ২৮ ছেপ্টেম্বৰৰ দিনা বিয়লি প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত উদ্বোধন কৰে প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে। এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত ভাষণ প্ৰসংগত মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে কয় যে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই অসমৰ সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰি বিশ্বৰ দৰবাৰত সংগীতৰ জৰিয়তে অসমখনক চিনাকী কৰি দিছিল। তেনে এগৰাকী মহান শিল্পীক যথোচিত সন্মান দিয়াৰ বাবে কেবাবছৰ আগতে কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষটো ভৱিষ্যত প্ৰজন্মৰ বাবে সহায়ক হোৱাকৈ বৈঠক, সন্মিলন, সংবাদমেল , প্ৰশিক্ষণ কাৰ্যসূচী আৰু স্থানীয় সভা আদি অনুষ্ঠিত কৰাৰ উন্নীতকৰণ কৰা হৈছে। নেক্সট জেনেৰেচন হিচাপে সন্মিলন কক্ষটোক অত্যাধুনিক তথ্য প্ৰযুক্তি আৰু উন্নত শ্ৰৱ্য-দৃশ্য প্ৰণালীৰে সুসজ্জিত কৰা হৈছে। অনুষ্ঠানত আৰম্ভণিতে সমুহীয়াভাবে ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখ্য যে ভাৰত চৰকাৰৰ নীতি অনুসৰি আঞ্চলিক ভাষা, সাহিত্য , সংস্কৃতি, পৰম্পৰাক প্ৰতিফলিত কৰি উদগণি দিয়াৰ লক্ষ্যৰে যোৱা ভাদ মাহত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক গৰাকীৰ বিশেষ উদ্যোগত প্ৰথমবাৰৰ বাবে বিমানবন্দৰ চৌহদত সামূহিক গৃহত মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ আধাৰত মহিলাৰ দিহা নাম পৰিবেশন কৰা হৈছিল। জানিব পৰা মতে প্ৰাধিকৰণৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ দৰে শীৰ্ষ পদ লাভ কৰা মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে হৈছে প্ৰথমগৰাকী অসমীয়া বিষয়া।
Trending
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)
- তামুলপুৰত জিলা স্বাস্থ্য সমিতিৰ সভা
- এয়াৰটেলে এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন