খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কামৰূপ মহানগৰ জিলা ভিত্তিক তদাৰকী আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠক আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকত জিলাখনত বিভাগটোৱে কৰি থকা কামৰ পৰ্যালোচনা কৰা হয়৷ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাৰ বিধায়কৰ প্ৰতিনিধি, জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰমুখ্যে কেবাজনো জনপ্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কামৰূপ মহানগৰ জিলাৰ উপ-সঞ্চালক বিপুল চন্দ্ৰ তালুকদাৰে বিভাগটোৰ কাম- কাজৰ বিষয়ে পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে অৱগত কৰে৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন হিতাধিকাৰী বাছনি, চাউল বিতৰণ আদি বিষয়ত থকা অসুবিধা আৰু কেৰোণবোৰ দূৰ কৰাৰ ক্ষেত্ৰত উপস্থিত জনপ্ৰতিনিধিসকলে পৰামৰ্শ আগবঢ়াই৷ অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰীয়ে এপ্ৰিল মাহৰ ভিতৰত গাঁও পঞ্চায়ত সমবায় সমিতি পৰ্যায়ৰ তদাৰকী আৰু নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত কৰিবলৈ আৰু এই বৈঠকতে এতিয়াও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা লাভ কৰি থকা অযোগ্য হিতাধিকাৰী সন্দৰ্ভত আলোচনা কৰিবলৈ পৰামৰ্শ দিয়ে৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে লগতে সকলো খাদ্য পৰিদৰ্শকক ৰাইজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰিবলৈ আৰু সুলভ মূল্যৰ সামগ্ৰীৰ দোকানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত গুৰুত্বসহকাৰে কৰিবলে কয়৷ বৈঠকত ভাৰতীয় খাদ্য নিগমকে ধৰি বিভান্ন বিভাগ আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে৷
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি