খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কামৰূপ মহানগৰ জিলা ভিত্তিক তদাৰকী আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠক আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকত জিলাখনত বিভাগটোৱে কৰি থকা কামৰ পৰ্যালোচনা কৰা হয়৷ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাৰ বিধায়কৰ প্ৰতিনিধি, জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰমুখ্যে কেবাজনো জনপ্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কামৰূপ মহানগৰ জিলাৰ উপ-সঞ্চালক বিপুল চন্দ্ৰ তালুকদাৰে বিভাগটোৰ কাম- কাজৰ বিষয়ে পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে অৱগত কৰে৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন হিতাধিকাৰী বাছনি, চাউল বিতৰণ আদি বিষয়ত থকা অসুবিধা আৰু কেৰোণবোৰ দূৰ কৰাৰ ক্ষেত্ৰত উপস্থিত জনপ্ৰতিনিধিসকলে পৰামৰ্শ আগবঢ়াই৷ অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰীয়ে এপ্ৰিল মাহৰ ভিতৰত গাঁও পঞ্চায়ত সমবায় সমিতি পৰ্যায়ৰ তদাৰকী আৰু নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত কৰিবলৈ আৰু এই বৈঠকতে এতিয়াও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা লাভ কৰি থকা অযোগ্য হিতাধিকাৰী সন্দৰ্ভত আলোচনা কৰিবলৈ পৰামৰ্শ দিয়ে৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে লগতে সকলো খাদ্য পৰিদৰ্শকক ৰাইজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰিবলৈ আৰু সুলভ মূল্যৰ সামগ্ৰীৰ দোকানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত গুৰুত্বসহকাৰে কৰিবলে কয়৷ বৈঠকত ভাৰতীয় খাদ্য নিগমকে ধৰি বিভান্ন বিভাগ আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে৷
Trending
- কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক
- নৰ্থ-ইষ্ট অলিম্পিকত স্বৰ্ণপদক অর্জন নগাঁৱৰ পাহি কেওটৰ
- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক আলোচনা চক্ৰ সম্পন্ন
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ