খুমটাই সমষ্টিত অনুষ্ঠিত আন্তঃগাঁও আৰু আন্তঃচাহ বাগিচা স্বচ্ছতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

0 136

ৰাজ্যখনত স্বচ্ছতাৰ দিশত এক নতুন মাত্ৰা সংযোজনৰ উদ্দেশ্যৰে সকলো জিলা সামৰি আন্তঃজিলা স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে পদক্ষেপ ল’ব।৷ এই প্রতিযোগিতাত প্রতিখন জিলাৰ গাঁও আৰু চহৰসমূহে অংশগ্ৰহণ কৰিব আৰু প্রতিযোগিতাত প্রথম স্থান লাভ কৰা জিলাখনক উন্নয়নমূলক কামৰ বাবে ১০০ কোটি টকা প্রদান কৰা হ’ব। আজি গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিত বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আয়োজিত আন্ত-গাওঁ আৰু আন্তঃচাহ বাগিচা স্বচ্ছতা প্রতিযোগিতাৰ ফলাফল ঘোষণাৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।

খুমটাই সমষ্টিৰ বৰটিকাত এই উদ্দেশ্যে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছতাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই আন্তঃজিলা স্বচ্ছতা প্রতিযোগিতাৰ জৰিয়তে অসমক দেশৰ ভিতৰতে অন্যতম এখন পৰিচ্ছন্ন ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্রয়াস কৰা হ’ব।

তেওঁ লগতে কয় যে এই প্রতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে যথোচিত পদক্ষেপ গ্রহণ কৰা হ’ব।এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড° শৰ্মাই সমষ্টিটোৰ অন্তৰ্গত বৰটিকা অঞ্চলক গ্ৰাম্য ক্ষুদ্ৰ অভয়াৰণ্য হিচাপে ঘোষণা কৰে। তদুপৰি ৰাজ্য চৰকাৰৰ প্রকৃতিৰ সৈতে ভাৰসাম্যতা ৰক্ষা কৰি বিকাশৰ নতুন অধ্যায়ৰ বাবে লোৱা প্ৰচেষ্টাৰ অন্তৰ্গত অঞ্চলটোত এক বৃক্ষৰোপন কাৰ্যসূচীৰো শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ৰাজ্যবাসীয়ে যাতে এক স্বাস্থ্যকৰ জীৱন-যাপন কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে এক নিৰ্মল আৰু সেউজ বাতাৱৰণ গঢ়িবলৈ প্রয়াস কৰিছে। স্বচ্ছতাৰ দিশত এনেধৰণৰ প্রতিযোগিতাৰ আয়োজন কৰি খুমটাই বিধানসভা সমষ্টিয়ে এক নিদৰ্শন প্রতিষ্ঠা কৰিলে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই এনে পদক্ষেপৰ ফলত সমষ্টিটোৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ বহু পৰ্যটকৰ আগমন ঘটিব বুলি কয়। ৰাজ্যৰ প্ৰতিখন গাঁৱে এটা বিশেষ দিন গ্ৰাম্য দিৱস হিচাপে উদযাপন কৰাৰ বাবে অসম চৰকাৰে পুঁজিৰ যোগান ধৰিব বুলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° শৰ্মাই সদৰি কৰে।তেওঁ কয় যে আহিবলগীয়া দিনবোৰত ৰাজ্যৰ প্রতিখন গাঁৱে একোখনকৈ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিব আৰু এই প্রতিযোগিতাৰ বিজয়ীসকল জিলা পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হ’ব। আনহাতে জিলা পৰ্যায়ৰ প্রতিযোগিতাৰ বিজয়ীসকলে খেল মহাৰণ নামেৰে ৰাজ্য চৰকাৰে আয়োজন কৰিবলগীয়া ৰাজ্যিক ভিত্তিক ক্ৰীড়া প্রতিযোগিতাত পদক লাভৰ বাবে অৱতীৰ্ণ হ’ব৷
সেইদৰে গ্ৰামাঞ্চলত বসবাস কৰা যুৱক-যুৱতীসকলৰ মাজত সাংস্কৃতিক প্ৰতিভাৰ বিকাশ ঘটোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গাঁও, জিলা আৰু ৰাজ্যিক পৰ্যায়ত সংগীত, বিহু নৃত্য আৰু আন পৰম্পৰাগত নৃত্যৰ প্রতিযোগিতা অনুষ্ঠিত কৰিব।

স্বচ্ছতাৰ দিশত খুমটাইবাসীয়ে প্রদৰ্শন কৰা প্রশংসনীয় পদক্ষেপৰ শলাগ লৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে সমষ্টিটোৰ অন্তৰ্গত চাহ বাগিচা আৰু আন এলেকাত ৰাজ্য চৰকাৰে পকী পথ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই মুহীৰাম হাজৰিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰে।খুমটাইবাসীক স্বচ্ছতাৰ দিশত এনেধৰণৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুপ্রাণিত কৰা তথা সমষ্টিবাসীক এই দিশত সংগঠিত কৰাত স্থানীয় বিধায়ক মৃণাল শইকীয়াই প্ৰদৰ্শন কৰা নেতৃত্বৰো মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰশংসা কৰাৰ লগতে তেওঁৰ পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই খুমটাই সমষ্টিৰ স্বচ্ছতা প্রতিযোগিতাৰ সৈতে সংগতি ৰাখি আজি আধাৰসত্ৰ শেনচোৱা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপস্থ খেলপথাৰত অনুষ্ঠিত সভাতো অংশগ্ৰহণ কৰে।

এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই পৰিষ্কাৰ খুমটাই প্রতিযোগিতা আয়োজন কৰা বাবে স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ শলাগ লৈ অসমত হোৱা ভাল কামসমূহৰ ভিতৰত খুমটাই সমষ্টিয়ে স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত কৰি দেখুওৱা নিদৰ্শনটোক অন্যতম উৎকৃষ্ট কাম বুলি মন্তব্য কৰে।

মহামানৱ মহাত্মা গান্ধীয়েও স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে
কয় যে গান্ধীজীৰ আদৰ্শ সাৰোগত কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা ভাৰতবৰ্ষত স্বচ্ছতাৰ এটা নতুন জাগৰণ সৃষ্টি কৰাৰ পদক্ষেপ লৈছিল আৰু স্বচ্ছতাৰ বাবে তেওঁ নিজেই হাতত ঝাড়ু তুলি লৈছিল। স্বচ্ছতাক জীৱনৰ এটা ব্ৰত হিচাপে লৈ সকলোৱে যাতে ইয়াক নিজৰ জীৱনৰ লগত সমাহিত কৰিব পাৰে তাৰ বাবে প্রধানমন্ত্ৰী মোদীয়ে সকলোকে প্ৰেৰণা যোগাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া ৰাইজে অতীজৰে পৰা প্রকৃতিৰ লগত জীয়াই আছিল আৰু সকলো গাঁৱতে এটা নিৰ্মল পৰিৱেশ বিৰাজ কৰিছিল। পৰিৱেশ ৰক্ষাৰ বাবে বৃক্ষৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গছ-বননি আছে কাৰণেহে মানৱ জাতি জীয়াই আছে। প্রসংগক্ৰমে তেওঁ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিভিন্ন বনাঞ্চল বেদখলমুক্ত কৰাৰ বাবে লোৱা উদ্যোগৰ কথাও উল্লেখ কৰে।তেওঁ কয় যে মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ এটা স্বচ্ছ পৰিৱেশৰ প্ৰয়োজন৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে অসমখনক নৱ নিৰ্মাণৰ পথত লৈ যাব খুজিছে।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° শৰ্মাই খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ জিলা পৰিষদ, খুমটাই জিলা পৰিষদ, কঠালগুৰি জিলা পৰিষদ আৰু দক্ষিণ হেঙেৰা জিলা পৰিষদীয় এলেকাৰ গাঁওসমূহৰ মাজত অনুষ্ঠিত এই প্রতিযোগিতাত শীৰ্ষ পাঁচটা স্থান লাভ কৰা গাঁও আৰু শীৰ্ষ তিনিটা স্থান লাভ কৰা চাহ বাগিচাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। স্বচ্ছতাৰ দিশত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে প্রথম পুৰষ্কাৰ লাভ কৰা গাঁও আৰু চাহ বাগিচাক ২ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণৰ সমান্তৰাল ধনৰাশি আৰু দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পুৰস্কাৰ হিচাপে ক্ৰমে ২০ লাখ, ১৬ লাখ, ১০ লাখ আৰু ৬ লাখ টকা প্রদান কৰা হ’ব। এই ধনৰাশিৰ আধা অংশ বিধায়ক মৃণাল শইকীয়াই তেওঁৰ সমষ্টি উন্নয়ন পুঁজিৰ পৰা ব্যয় কৰাৰ বিপৰীতে বাকী ধনৰাশি ৰাজ্য চৰকাৰে প্রদান কৰিব।

স্বচ্ছতা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি ভালুকীটিঙত অনুষ্ঠিত এক সভাতো অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচীত স্থানীয় বিধায়ক মৃণাল শইকীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.