হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা প্ৰদান অনুষ্ঠান অনুষ্ঠিত

0 157

ভাৰতীয় জ্ঞান-সাধন পদ্ধতিৰ পৰম্পৰা অতি চহকী৷এই চহকী পৰম্পৰাক ধবংস কৰিছিল বিদেশী আক্ৰমণকাৰী আৰু পিছলৈ বহু বছৰ ভাৰতত শাসন কৰা ঔপনিৱেশিক শক্তিসমূহে৷সেই সময়ছোৱাত কিছুসংখ্যক গৱেষকে ভাৰতীয় জ্ঞান-সাধন ব্যৱস্থাটোৰ পবিত্ৰতা আৰু মহত্ব উন্মোচনৰ বাবে বিশেষ আদৰ্শ সন্মুখত ৰাখি কাম কৰিছিল৷বৃটিছ যুগত ভাৰতক সাপৰ যাদু প্ৰদৰ্শনকাৰী লোকৰ আদিৰ দেশ বুলি বহুলভাৱে প্ৰচাৰ কৰা হৈছিল৷ এই প্ৰচাৰত ভাগ লৈছিল মূলতঃ বৃটিছে আৰু বৃটিছৰ সমৰ্থক কিছুমানে৷আজি অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৰিনাৰায়ণ দত্ত বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এনেদৰে কয় প্ৰখ্যাত সাংবাদিক-লেখক অনন্ত বিজয়ে৷ এই স্মাৰক বক্তৃতাৰ বিষয় আছিল ভাৰতীয় ভাষাৰ লেখনিৰ জ্ঞান আৰু পৰম্পৰা৷ভাষণ প্ৰসংগত তেখেতে কয় – হৰি নাৰায়ণ দত্তবৰুৱাই নিজ ভাষাৰ সাহিত্যৰ বাবে যি বিস্ময়কৰ অৱদান দি থৈ গ’ল তাৰ মূল্যায়ন হ’ব লাগে ভাৰতীয় সাহিত্যৰ পৰিপ্ৰেক্ষিতত৷ এক কথাত হৰিনাৰায়ণ দত্তবৰুৱা নৱজাগৰণৰ ব্যক্তি আৰু তেখেতক সৰ্বভাৰতীয় পৰ্যাত চিনাকি কৰাই দিয়াটো অসমীয়াৰ কৰ্তব্য৷তেখেতে হৰিনাৰায়ণ দত্তবৰুৱাৰ অৱদানক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে৷
অসমৰ বৈষ্ণৱ যুগৰ সাহিত্যৰ গবেষক, সংগ্ৰাহক, সম্পাদক, প্ৰকাশক, অসমৰ মুদ্ৰন শিল্পৰ অগ্ৰণী ব্যক্তি হৰিনাৰায়ণ দত্তবৰুৱাৰ স্মৃতিত যোৱা দুটা বছৰে এই বক্তৃতাৰ আয়োজন কৰি অহা হৈছে৷ এইবাৰৰ বক্তৃতা অনুষ্ঠান আৰম্ভ কৰা হয় জনপ্ৰিয় গায়ক শৰৎ ৰাগৰ কন্ঠৰ হৰিনাৰায়ণ দত্তবৰুৱাৰ প্ৰিয় এটি বৰগীতেৰে৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণ চন্দ্ৰ তালুকদাৰৰ আদৰণি ভাষণৰ পাচতেই মূল বক্তা অনন্ত বিজয়ক সম্বদ্ধৰ্না জনায় বিশ্ববিদ্যালয়ৰ প্ৰ’টেম উপাচাৰ্য ডঃ প্ৰণবীৰ সিঙে৷ এই দিৱসৰ লগত সংগতি ৰাখি ডঃ ৰুবী গোস্বামী সম্পাদিত ‘সাহিত্যৰত্ন জীৱন আৰু সাধনা’ গ্ৰন্থখন উন্মোচন কৰে অকাডেমী বঁটা বিজয়ী লেখক অনুৰাধা শৰ্মা পূজাৰীয়ে৷ তেখেতে কয় শৈশৱৰে পৰা হৰিনাৰায়ণ দত্তবৰুৱাৰ নাম শুনি আহিছো, কিন্তু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে বিতং আলোচনা থকা কিতাপৰ সংখ্যা খুব কম৷ এই কিতাপখনে সেই অভাৱ কিছু পৰিমাণে পুৰণ কৰিব’৷ অনুৰাধা শৰ্মাপূজাৰীক সম্বদ্ধৰ্না জনায় ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তই৷ অনুষ্ঠানটিৰ ঘোষক প্ৰসিদ্ধ নাট্য-ব্যক্তিত্ব নয়ন প্ৰসাদক সম্বদ্ধৰ্না জনায় ডঃ ৰুবী গোস্বামীয়ে৷শলাগৰ শৰাই আগবঢ়ায় পৰিবেশ্য কলা শাখাৰ ডীন উৎপল দত্তই৷ হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্মৰাজিৰ বিষয়ে গবেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা ডঃ মঞ্জু লস্কৰ আৰু জীৱনী ৰচনা কৰা বোকাখাটৰ ৰাণী বৰদলৈকো সভাত সম্বদ্ধৰ্না জনোৱা হয়৷ সামৰণি ভাষণত বিশ্ববিদ্যালয়ৰ আচাৰ্য ডাঃ নৰেন দত্তই সকলোকে ধন্যবাদ জনায় আৰু হৰিনাৰায়ণ দত্তবৰুৱাৰ বিষয়ে তথ্যচিত্ৰ নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰে উৎপল দত্তক৷এই সভাত গ্ৰন্থখনৰ কেইগৰাকীমান লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰাছাত্ৰীৰ লগতে উপস্থিত আছিল শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি জীতুল সোণোৱাল, ডঃ পৰমানন্দ মজুমদাৰ, ডঃ অকুন্ঠিতা বৰঠাকুৰ,অৱসৰ প্ৰাপ্ত ডিজিপি ভাস্কৰজ্যোতি মহন্ত,আৰ্কিটেক্ট বিশ্ব দত্ত,অৱনী বৰা,লেখিকা নম্ৰতা দত্ত, চিত্ৰ পৰিচালক কেনী বসুমতাৰী আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তি৷বিশ্ববিদ্যালয়খনিৰ দেশী বিদেশী ছাত্ৰ ছাত্ৰীয়ে নিজ দেশৰ পৰম্পৰাগত পোচাক পিন্ধি অতিথি সকলক আদৰণি জনোৱা দৃশ্যই পৰিবেশটিক এটা বিৰল ৰূপ প্ৰদান কৰিছিল৷

Leave A Reply

Your email address will not be published.