আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত খেলো ইণ্ডিয়া য়ুথ গেমছ্-২০২০ ৰ টৰ্চ ৰেলী শুভাৰম্ভ হয়। এই টৰ্চ ৰেলী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে।এই টৰ্চ ৰেলী অনুষ্ঠান ৰাজ্যখনৰ সকলো জিলা সদৰতে অনুষ্ঠিত হ’ব।আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীয়ে নেপালত অনুষ্ঠিত হোৱা চাউথ এছিয়ান গেমছত পদক লাভ কৰা খেলুৱৈসকলক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে।লগতে ৰাজ্য চৰকাৰৰ সংহত ক্ৰীড়া নীতি অনুসৰি মেডেল প্ৰাপ্ত খেলুৱৈসকলক আৰ্থিক অনুদান আগবঢ়ায়। ২০১৬ বৰ্ষত গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বাদশ চাউথ এছিয়ান গেমছত অসমৰ পদকপ্রাপ্ত খেলুৱৈসকলক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰি মুখ্যমন্ত্রী গৰাকীয়ে কয় যে ক্ৰীড়াই বহুমুখী উত্তৰণৰ দিশত সহায় কৰে।বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ মানৱ সম্পদ বিকাশৰ বাবে শিক্ষা,ক্ৰীড়া আৰু সংস্কৃতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।লগতে ৰাজ্য চৰকাৰে ক্ৰীড়াবিদ সকলক উৎসাহিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে।গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ পৰা অৱতীৰ্ণ হ’বলগীয়া ৬৩৩ গৰাকী প্ৰতিযোগীক প্ৰতিযোগিতামূলক মানসিকতাৰে অৱতীৰ্ণ হৈ সুনাম কঢ়িয়াই অনাৰ বাবে মুখ্যমন্ত্রী গৰাকীয়ে আহ্বান জনায়।লগতে তেখেতে কয় যে ৰাজ্যখনৰ ক্ৰীড়া বাতাবৰণৰ সমন্বিত উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে ভিলেজ অলিম্পিক টেলেণ্ট হাণ্ট ৬ টা শাখাত অনুষ্ঠিত কৰিব।আজিৰ এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই খেলো ইণ্ডিয়া য়ুথ গেমছৰ থীম ছঙৰ ভিডিঅ’ মুকলি কৰে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান