ক’ভিড প্রট’কলৰ মাজেৰে দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্রস্তুতি চলিছে৷ মহামাৰীৰ বর্ধিত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱস উদ্যাপনৰ পৰিসৰ কেতবোৰ ক্ষেত্রত সীমাবদ্ধ থাকিব৷ বিশেষকৈ কোনো ধৰণৰ সাংস্কৃতিক কার্যসূচী নাথাকে বুলি ইতিমধ্যে সদৰী কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ ইয়াৰ মাজতে কোন মন্ত্রী, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য, উপ–মুখ্য কার্যবাহী সদস্যই কোন জিলাত গণৰাজ্য দিৱসত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব, সেই সন্দর্ভত মুখ্যমন্ত্রী কার্যালয়ৰ তৰফৰ পৰা এক নির্দেশনা জাৰি কৰা হৈছে৷ নির্দেশনাটোত উল্লেখ কৰা মতে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে নলবাৰীত, অতুল বৰাই যোৰহাটত, উর্খাও গৌৰা ব্রহ্মই তামুলপুৰত, চন্দ্রমোহন পাটোৱাৰীয়ে গোৱালপাৰাত, পৰিমল শুক্লবৈদ্যই বঙাইগাঁৱত, কেশৱ মহন্তই ডিব্রুগড়ত, ডাঃ ৰণোজ পেগুৱে শোণিতপুৰত, অশোক সিংহলে কাছাৰত, যোগেন মহনে লখিমপুৰত, সঞ্জয় কিষাণে গোলাঘাটত, অজন্তা নেওগে নগাঁৱত, পীয়ূষ হাজৰিকাই তিনিচুকীয়াত আৰু বিমল বৰাই ধুবুৰী জিলাত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব৷ সেইদৰে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰত, উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰীয়ে ওদালগুৰিত, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে কার্বি আংলঙত আৰু উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছাই ডিমা হাছাও জিলাত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ ৰাষ্ট্রীয় পতাকা৷
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী