সংগীত জগতত ভুমুকি মৰা নবাগতা কণ্ঠশিল্পী প্ৰস্তুতি দেৱীৰ কণ্ঠ আৰু কেশৱ নয়নৰ কথা-সুৰেৰে এটি সুমুধুৰ গীত ‘বাঁও চকু মোৰ লৰে’ আজি শুভমুক্তি হয়। ভোগালী বিহুৰ মাজতে অসমবাসীৰ মাজলৈ এই সুৰীয়া গীতটি কণ্ঠশিল্পীগৰাকীয়ে উপহাৰ দিয়ে। গীতটি আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়ে বিশিষ্ট কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস আৰু মনীষা হাজৰিকাই। লগতে উপস্থিত থাকে চাজু আহমেদ, মানস হাজৰিকা আৰু সুনয়না। গীতটি মুকলি অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।বেলতলাস্থিত হোটেল ৰয়েল দি কাছাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰি কণ্ঠশিল্পী জে পি দাসে কয় যে, গীতটি অতিকে মনোমোহা হৈছে। গীতটিৰ কণ্ঠ হৃদয়স্পৰ্শী।অনাগত দিনটো প্ৰস্তুতি দেৱীয়ে এনে ধৰণৰ গীত অসমবাসী ৰাইজলৈ আগবঢ়াই যাব বুলি আশা কৰিছোঁ। তেওঁলৈ অশেষ শুভ কামনা থাকিল। অসমবাসীয়ে গীতটি আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিলো।একেদৰে মনীষা হাজৰিকাই কয়, গীতটি সুৱলা হৈছে। গীতটিৰ কথা-সুৰ সুন্দৰ। গীতটি অসমবাসীয়ে আদৰি ল’ব। গীতটি সম্পৰ্কে কিছু বক্তব্য ৰাখে কণ্ঠশিল্পী প্ৰস্তুতি দেৱীয়ে।
Trending
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop