গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৫ জুনৰ পৰা চলি আছে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী ( এন চি চি) ৰ ধুবুৰীস্থিত ৭ আসাম বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ । দহদিনীয়াকৈ অনুষ্ঠিত সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত (চি এ টি চি) বেটেলিয়ানৰ অধীনৰ ৰাজ্যত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ৪০০ জন জুনিয়ৰ আৰু ছিনিয়ৰ ডিভিজনৰ লৰা আৰু ছোৱালী কেডেটে ভাগ লৈছে । শিবিৰটো ৫ জুনত মুকলি কৰে ৭ আসাম এন চি চি বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডিং অফিচাৰ লেফটেনেন্ট কৰ্ণেল পি জি নাইডুৱে। শিবিৰত কেডেট সকলক শাৰীৰিক অনুশীলন, সামৰিক প্ৰশিক্ষণ , পেৰেড, ড্ৰিল, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, দক্ষতা বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ উপায় আদিৰ প্ৰশিক্ষণ দিয়া হৈছে । আনহাতে শিবিৰত আগন্তুক আন্তঃসঞ্চালকালয়ত শ্বুটিং প্ৰতিযোগিতাত ভাগ লব বিচৰা আগ্ৰহী কেডেটসকলৰ বিশেষ নিৰ্বাচন চলি আছে। ৭ আসাম এন চি চি বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডিং অফিচাৰ লেফটেনেন্ট কৰ্ণেল পি জি নাইডুৱে শিবিৰটো মুকলি কৰি কেডেট সকলক সম্বোধন কৰি এন চি চিৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কেডেটসকলক একো একোজন দেশপ্ৰেমিক সুনাগৰিক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও শিবিৰত দৈনিক সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত কেডেটসকলে নৃত্য, গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিছে। আনহাতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ দীপাংকৰ চাহাই জানিবলৈ দিয়া মতে থকা – মেলা, বিদ্যুৎ যোগান , চিকিৎসাৰ ব্যৱস্থাকে ধৰি শিবিৰটো সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে।
Trending
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা