গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৫ জুনৰ পৰা চলি আছে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী ( এন চি চি) ৰ ধুবুৰীস্থিত ৭ আসাম বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ । দহদিনীয়াকৈ অনুষ্ঠিত সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত (চি এ টি চি) বেটেলিয়ানৰ অধীনৰ ৰাজ্যত বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ৪০০ জন জুনিয়ৰ আৰু ছিনিয়ৰ ডিভিজনৰ লৰা আৰু ছোৱালী কেডেটে ভাগ লৈছে । শিবিৰটো ৫ জুনত মুকলি কৰে ৭ আসাম এন চি চি বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডিং অফিচাৰ লেফটেনেন্ট কৰ্ণেল পি জি নাইডুৱে। শিবিৰত কেডেট সকলক শাৰীৰিক অনুশীলন, সামৰিক প্ৰশিক্ষণ , পেৰেড, ড্ৰিল, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, দক্ষতা বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ উপায় আদিৰ প্ৰশিক্ষণ দিয়া হৈছে । আনহাতে শিবিৰত আগন্তুক আন্তঃসঞ্চালকালয়ত শ্বুটিং প্ৰতিযোগিতাত ভাগ লব বিচৰা আগ্ৰহী কেডেটসকলৰ বিশেষ নিৰ্বাচন চলি আছে। ৭ আসাম এন চি চি বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডিং অফিচাৰ লেফটেনেন্ট কৰ্ণেল পি জি নাইডুৱে শিবিৰটো মুকলি কৰি কেডেট সকলক সম্বোধন কৰি এন চি চিৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কেডেটসকলক একো একোজন দেশপ্ৰেমিক সুনাগৰিক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও শিবিৰত দৈনিক সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত কেডেটসকলে নৃত্য, গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিছে। আনহাতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ দীপাংকৰ চাহাই জানিবলৈ দিয়া মতে থকা – মেলা, বিদ্যুৎ যোগান , চিকিৎসাৰ ব্যৱস্থাকে ধৰি শিবিৰটো সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan