অসম সন্তান, দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা তথা ভাৰতীয় সেনাত মেজৰ হিচাপে কৰ্মৰত ভাৰ্গৱ কলিতাই জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত দুর্দান্ত সাহসিকতা প্ৰদৰ্শন কৰা বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় শৌৰ্য চক্ৰ সন্মানেৰে সন্মানিত কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাইফলছৰ ৫০ বেটেলিয়ানৰ মেজৰ ভাৰ্গৱ কলিতাক ৮ জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে তেওঁক এই সন্মান প্রদান কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংঙকে ধৰি কেবাজনো কেন্দ্ৰীয় মন্ত্ৰী, তিনিওটা সশস্র বাহিনীৰ মূৰব্বীসহ ভাৰতীয় সেনা , ভাৰতীয় নৌ সেনা আৰু ভাৰতীয় বায়ু সেনাৰ কেবাজনো উচ্চপদস্থ বিষয়া আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য ২০২২ চনৰ অক্টোবৰ মাহত জম্মু কাশ্মীৰত নিযুক্তি লাভ কৰা মেজৰ ভাৰ্গৱ কলিতাৰ নেতৃত্বত ২০২৪ চনৰ ২ ডিচেম্বৰত চলোৱা এক দুঃসাহসিক অভিযানত পাকিস্তানৰ মদতপুষ্ট তিনিজন দুর্ধর্ষ সন্ত্রাসবাদী নেতা নিহত হৈছিল। একেদৰে অভিযানটোত উগ্ৰপন্থীক সহায় কৰা চাৰিজন অভাৰগ্ৰাউণ্ড সদস্যক জীৱন্তে আটক কৰা হৈছিল। মেজৰ ভাৰ্গৰ কলিতাই এই অভিযানত নিজৰ জীৱনকো বিপন্ন কৰি দুর্দান্ত সাহসিকতা প্রদর্শন কৰিছিল। ইয়াৰ ফলতে তেওঁক শৌর্য চক্র প্ৰদানৰ কথা চলিত বৰ্ষৰ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা ঘোষণা কৰা হৈছিল। উল্লেখ্য যে মেজৰ ভাৰ্গৱ কলিতাৰ পিতৃ ভাস্কৰ কলিতায়ো দীৰ্ঘদিন ধৰি সেনা বাহিনীত সেৱা আগবঢ়াই ভাৰতীয় সেনাৰ তৃতীয় সৰ্বোচ্চ পদ হিচাপে পৰিচিত মেজৰ জেনেৰেল পদৰ পৰা ২০২২ চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ প্ৰায় তিনি বছৰ ধৰি অসম লোকসেৱা আয়োগৰ সদস্য পদত কৰ্মৰত হৈ আছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ