গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ উদ্যোগত আৰু বন বিভাগৰ বশিষ্ঠস্থিত পূব কামৰূপ বন সংমণ্ডলৰ সহযোগত পাঞ্জাবাৰীৰ বতাহঘুলি পাহাৰত “পাহাৰবোৰ সেউজ কৰো আহক” অভিযান কাৰ্যসূচীৰ অংশ হিচাপে আজি বন মহোৎসৱ – ২০২৫ পালন কৰা হয়। উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষে বিগত পাঁচ বছৰ ধৰি “পাহাৰবোৰ সেউজ কৰো আহক” এক পদক্ষেপ গ্ৰহণ কৰি বৃহত্তৰ গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দি সেউজ পৰিৱেশৰ বাবে গছপুলি ৰোপণ কৰি আহিছে। আনহাতে গছপুলি ৰোপণৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতি আৰু গুৱাহাটীৰ আঞ্চলিক বন বিষয়া হেমন্ত অধিকাৰীয়ে। গুৱাহাটীস্থিত বেচৰকাৰী সংস্থা চাৰ্ভ স্মাইল ফাউণ্ডেশ্যন আৰু নাফেডৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত বিভিন্ন থলুৱা প্ৰজাতিৰ মুঠ ১৫০ টা গছপুলি ৰোপণ কৰা হয় ।ড° কাকতিয়ে বৃক্ষ ৰূপনৰ ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে কাৰ্যসূচীত ভাগ লোৱা সকলোকে পৰিৱেশ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা বাবে শলাগ লয় । কাৰ্যসূচীত এন এছ এছৰ প্ৰায় ৫০ জন স্বেচ্ছাসেৱক আৰু স্থানীয় লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাফল্য মণ্ডিত কৰি তোলা বাবে ডঃ ৰঞ্জন কুমাৰ কাকতি আৰু বন বিষয়া হেমন্ত অধিকাৰীয়ে আটাইকে ধন্যবাদ জ্ঞাপন কৰে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ