জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতাৰে সত্তৰৰ দশকৰ পৰা কাব্যচৰ্চা আৰু গীতিকবিতা ৰচনা কৰি অহা, বিশিষ্ট সাহিত্যিক ড: সূৰ্যকান্ত হাজৰিকাৰ নবতম কাব্য সংকলন “সময়ৰ কথা” মহানগৰীৰ আৰ জি বৰুৱা পথৰ এচ কে হাজৰিকা মহাবিদ্যালয় প্ৰাংগণত আজি শুভ উন্মোচন কৰে নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি, বিশিষ্টা লেখিকা, শিক্ষাবিদ ড০ মলিনা দেৱী ৰাভাই। উন্মোচন কৰি ড০ ৰাভাই কয় – “জীৱনৰ বৰ্ণিল অভিজ্ঞতা কবিতাৰেও প্ৰকাশ কৰিব পাৰি। কবিতা অৰ্থযুক্ত হ’ব লাগে, কবিয়ে পৰিৱেশ সৃষ্টি কৰিব লাগে, চিন্তাৰ প্ৰকাশ পাব লাগে। চন্দ, তাল, মান, লয় কবিতাৰো থাকিব লাগে। ” ড: ৰাভাই উন্মোচনী ভাষণত তেখেতে নিজৰ ধৰ্ম, কৃষ্টি, সমাজ, সংস্কৃতি, পৰম্পৰা, ঐতিহ্যক অকৃত্ৰিম আৰু আন্তৰিক শ্ৰদ্ধা ভক্তিৰে কৰা হাজৰিকাক সৃষ্টি কৰ্মৰ শলাগ লয়। সভা উদ্বোধন কৰি অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠকে কয় – “মানুহক আমি জানিবলৈ, বুজিবলৈ, শিকিবলৈ চেষ্টা কৰিব লাগে।পঢ়িব লাগে, পঢ়ুৱাবও লাগে । শিল্প-সাধনা, সাহিত্য সাধনা, সংস্কৃতি সাধনা কৰা লোকসকলে সমাজৰ মাজত সদায় জীয়াই থাকে। কবিতা-গীতৰ মাজত প্ৰভেদ নাই বুলি কব পাৰি। ড০ সূৰ্যকান্ত হাজৰিকাই সাহিত্যৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অবদানৰ কথা দোহাৰে। “সাংবাদিক- কবি-লেখক দীপক শৰ্মাই আত ধৰা সভাত গোৱালপাৰাৰ বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট কবি ড০ এম গোপাল সিংহই মুখ্য অতিথিৰ ভাষণত কয়- কবিতাই খুনা পাৰে হৃদয়ত, কবিবোৰ দাৰ্শনিক। সময় সাপেক্ষে কবিতা লিখিব লাগে কবিয়ে, কবিবোৰ মহান। নেপালী সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্টা লেখিকা নিৰু শৰ্মা পৰাজুলিয়ে অতিথিৰ ভাষণত কয়-“এখন অন্তৰৰ পৰা অইন এখন অন্তৰলৈ অনুৰণন কৰিব পৰা সৃষ্টি কৰিব লাগে কবি-সাহিত্যিকে। অহংকাৰী, অভিমানী লোক কোনোদিন আগুৱাব নোৱাৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক, সাহিত্য কোৱৰ কমল কলিতাই কয়- কবিবোৰ ঋষিৰ লেখিয়া । কবিয়ে অনুশীলন কৰিলে বহু উন্নত কবিতা সৃষ্টি কৰিব পাৰে। ভাল কবিতা বিদ্যুতৰ দৰে। সভাত ৰাষ্ট্ৰীয় কবি সংঘমৰ উপাধ্যক্ষ ড০ গীতা দত্ত চহৰীয়াই কয়- অসমৰ গ্ৰন্থ যদি অইন ভাষালৈ অনুদিত হয় তেতিয়াহ’লে অসমৰ সাহিত্যিকে বহু সন্মান কঢ়িয়াই আনিব। “ড০ সূৰ্যকান্ত হাজৰিকাৰ নাতিদীৰ্ঘ ভাষণৰ অন্তত শলাগৰ শৰাই আগবঢ়াই এচ কে হাজৰিকা মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ ইভা হাজৰিকাই।
Trending
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন