গুৱাহাটীত “Enhancing Life Quality and Productive Aging” শীৰ্ষক কৰ্মশালা উদ্বোধন সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

0 151

ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ উদ্যোগত জ্যেষ্ঠ নাগৰিক সকলৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা “Enhancing Life Quality and Productive Aging” শীৰ্ষক কৰ্মশালাৰ প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত থাকি কৰ্মশালাখন উদ্বোধন কৰে । গুৱাহাটীৰ বেলতলাস্থিত সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ সভাগৃহত আয়োজিত কৰ্মশালাখনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ বক্তব্যত মন্ত্ৰীগৰাকীয়ে কয় যে সমাজৰ জ্যেষ্ঠ নাগৰিকসকলে তেঁওলোকৰ জীৱনকালত সমাজৰ বাবে তথা পৰৱৰ্তী প্ৰজন্মৰ বাবে বহুখিনি কাম কৰিছে, এতিয়া যুৱ প্ৰজন্মৰ দায়িত্ব জ্যেষ্ঠসকলক উপযুক্ত সন্মান প্ৰদান কৰা । পিতৃ মাতৃ আৰু জ্যেষ্ঠ নাগৰিকসকলক আমি সদায়ে উপযুক্ত সন্মান প্ৰদৰ্শন কৰা প্ৰয়োজন বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমি কেতিয়াও আত্মকেন্দ্ৰিক হ’ব নালাগে, ওচৰ চুবুৰীয়া আৰু সমাজৰ আন ব্যক্তিসকলক আপদ বিপদৰ সময়ত ভালদৰে মাত এষাৰ দিয়াটো আমাৰ প্ৰাথমিক দায়িত্ব হোৱা উচিত । আনহাতে বৃদ্ধাশ্ৰমৰ দৰে অনুষ্ঠানত একাংশ ব্যক্তিয়ে মনৰ দুখত জীৱন কটায় বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে নিজৰ সন্তানক বহু ত্যাগ কৰি জন্ম দিয়া, তুলি তালি ডাঙৰ কৰাৰ পাছত সন্তানসকলৰ দায়িত্ব হোৱা উচিত নিজৰ মাক দেউতাকৰ বাবে কিছু ত্যাগ কৰি তেঁওলোকক সুখত ৰখাটো । পিতৃ মাতৃক দুখত ৰখা অথবা অসন্মান কৰাৰ দৰে মহাপাপ সন্তানৰ বাবে আন একো হ’ব নোৱাৰে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰাৰ পাছত সমাজৰ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে নিজৰ দায়িত্ব পালনৰ আন্তৰিক প্ৰয়াস কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত আঢ়ৈ মাহত তেঁও বিভাগৰ অধীনত থকা দিব্যাংগসকলৰ বাবে থকা অনুষ্ঠান পৰিদৰ্শন কৰাৰ লগতে দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ লগত আলোচনাৰ জড়িয়তে তেঁওলোকৰ সমস্যাসমূহ বুজিবলৈ প্ৰয়াস কৰিছে।আনহাতে পৰৱৰ্তী সময়তো সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগত আলোচনাৰ জড়িয়তে তেঁওলোকৰ বিভিন্ন সমস্যা তথা আন বিষয়সমূহ বুজিবলৈ প্ৰয়াস কৰিব বুলি মন্ত্ৰী হাজৰিকাই আজিৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।

আজিৰ এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ অধ্যক্ষ ড° প্ৰদীপ ঠাকুৰীয়া, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অতিৰিক্ত সচিব ফজলুল হক চৌধুৰী আৰু সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুকেইজন জ্যেষ্ঠ নাগৰিক উপস্থিত আছিল। উল্লেখযোগ্য যে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত আৰু ’অপতিমিস্তা লাৰণিং হাব’ৰ সহযোগত ৮, ৯, ১০ আৰু ১২ ছেপ্তেম্বৰত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এই কৰ্মশালাখন অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.