প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপদেষ্টা, দেশৰ এগৰাকী আগশাৰীৰ কুটনীতিবিদ, প্ৰাক্তন ৰাষ্ট্ৰদূত দীপক ভোহৰা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ নতুনবস্তিস্থিত কুমাৰ ইঞ্জিনিয়াৰিং নামৰ উদ্যোগিক প্ৰতিষ্ঠানটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ১৬ জানুৱাৰীত দীপক ভোহৰাই উদ্যোগিক প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱক এক পত্ৰ প্ৰেৰণ কৰি তেওঁ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব বুলি সন্মতি প্ৰকাশ কৰিছে। পত্ৰখনত পৰিচালন সঞ্চালকৰ অনুৰোধ ৰক্ষা কৰি দায়িত্ব গ্ৰহণ কৰিব বুলি সদৰি কৰি নিয়মীয়াকৈ উদ্যোগিক প্ৰতিষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও সঞ্চালক মণ্ডলী বা বৰ্ড সভাত উপস্থিত থাকিব বুলি পৰিচালন সঞ্চালক কুমাৰ গৌৰৱক আশ্বাস প্ৰদান কৰিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দীপক ভোহৰাই কুমাৰ ইঞ্জিনিয়াৰিং চৌহদ পৰিদৰ্শন কৰাৰ লগতে তাত নিৰ্মাণ কৰা ই ৰিক্সাত কুমাৰ গৌৰৱৰ সৈতে চফৰো কৰিছিল।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন