ৰাজ্য চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ তথা বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহৰ লিপি সম্পৰ্কীয় গৱেষণামূলক গ্ৰন্থ “লিপিৰ সাম্পা ইতিহাস বাৰ’ বিষ্ণুপ্ৰিয়া মণিপুৰী মেয়েক” আজি শুভ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মাই কয়- লিপি সৃষ্টিৰ বাবেহে গ্ৰন্থ প্ৰকাশ হৈছে। বেদ, উপনিষদ, গীতা, ভাগৱত, পুৰাণ, ৰামায়ণ, মহাভাৰত, বাইবেল আদিকে ধৰি সকলো গ্ৰন্থ সৃষ্টি হৈছে। লিপি অধ্যয়ন বৰ কষ্টকৰ। লিপি থাকিলেহে এটি ভাষা, এটি জাতি আগবাঢ়ি যোৱাত সহায় কৰে।” মুখ্য অতিথি হিচাপে অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক, বিশিষ্ট সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠকে অংশ লৈ কয়- “লিপিৰ অধ্যয়নে বহু কথাৰ জ্ঞান দিয়ে। ইতিহাস খুচৰিবই লাগিব। ইতিহাস সকলোৱে জানিব লাগে। ওপৰে ওপৰে একো কথা কব নালাগে।” অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ সচিব প্ৰধান ‘সাহিত্য কোঁৱৰ’ কমল কলিতাই কয়- বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ লিপি বিষয়ক দিলস্ লক্ষ্মীন্দ্ৰ সিংহৰ গ্ৰন্থখনিয়ে জাতিটোক আগবাঢ়ি যোৱাত সহায় কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্ৰধান তথা বিশিষ্ট কবি জিতেন পায়েঙে কয়- লিপিৰ বৈশিষ্ট্যতা অনেক। সভ্যতা বিকাশত লিপিৰ অৱদান অন্যান্য। বিশিষ্ট সাহিত্যক, সমালোচক ৰত্নেশ্বৰ বসুমতাৰী কয়- ভাষা উন্নয়নৰ বাবে লিপি নিতান্তই আৱশ্যক। সভাত বিশিষ্টা কবি-লেখিকা ড০ গীতা দত্ত চহৰীয়া, কবি-সাহিত্যিক কৰ্ণেল বিজয় সিনহা, আন্তর্জাতিক খ্যাতিসম্পন্ন সংগীত শিল্পী আশুতোষ সিংহ (ৰবী), কেপ্টেইন অশ্বিনী সিনহা, সপ্তব্ৰত সিনহা, ননীগোপাল সিনহা, স্বপ্না শৰ্মাই অতিথিৰ ভাষণত লিপিৰ গভীৰতাৰ ওপৰত আলোকপাত কৰে। সভাৰ আঁত ধৰে বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ তথা কবি সমৰ সিনহাই।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক