ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত ৰূপান্তৰৰ শিল্পীক স্মৰণ

0 184

ৰূপান্তৰৰ শিল্পী  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭১ সংখ্যক পবিত্ৰ মৃত্যু তিথি ঢকুৱাখনাত বৰ্ণিল কার্যক্রমণিকাৰে সোমবাৰে  উদযাপন কৰা হয় । ঢকুৱাখনাৰ অগ্ৰণী সমাজিক সাংস্কৃতিক আৰু নাট্য সংগঠন ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত ,হোটেল মহঘুলিৰ সহযোগত  সোমবাৰে বিয়লি  জ্যোতি প্ৰসাদক সশ্ৰদ্ধ স্মৰণ কৰা হয় ।প্ৰাৰম্ভতে একাডেমীৰ সভাপতি  প্ৰফুল্ল চুতীয়াই ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি  অনুষ্ঠান শুভাৰম্ভ কৰে  আৰু  সদ্য প্ৰয়াত ব্ৰীজো মহাৰাজৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে স্মাৰক বক্তব্য ৰাখে ৰাজ্যখনৰ এজন সম্ভাৱনাপূৰ্ণ  সাংস্কৃতিক কৰ্মী লক্ষ্য জ্যোতি বৰুৱাই। নাট্যকৰ্মী ভবেন তামুলীয়ে আঁত ধৰা অনুষ্ঠানটো এটি শ্ৰুতিমধুৰ জ্যোতি সংগীতৰে শুভাৰম্ভ কৰে ঢকুৱাখনা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ  ধনৰঞ্জন হাজৰিকাই।
একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱাই পৰিচালনা কৰা তোৰে মোৰে আলোকৰে যাত্ৰা শীৰ্ষক এই মনোগ্ৰাহী গীত নৃত্য কাব্যৰ অনুষ্ঠানটিত ৰাজ্যখনৰ প্ৰতিষ্ঠিত বাঁহী বাদক দিব্যজ্যোতি চুতীয়াই পৰিবেশন কৰা বাঁহীৰ শ্ৰুতিমধুৰ  মূৰ্ছনা , ৰাজ্যিক সংগীত বিদ্যালয়ৰ ছাত্ৰী নিশিপ্ৰীয়া কোঁৱৰ, সুকন্যা দত্ত, ৰিজুমনি দত্ত, ৰিকী সুত, শিশু শিল্পী উদিপ্তা বৰুৱা, অভিলাষা দত্ত, স্বপনীল গগৈ,জুমন সুত, ভাস্কৰ গগৈৰ গীত, প্ৰতিষ্ঠিত নাট্য কৰ্মী লীনা বুঢ়াগোহাঁইৰ “কাঞ্চনজংঘাৰ বুৰঞ্জী ” শীৰ্ষক কবিতাৰ বাঙ্ময়  আবৃত্তি , লক্ষ্যজিৎ বৰুৱা আৰু পূৰবী বুঢ়াগোহাঁইৰ  সৃষ্টিশীল নৃত্যই অন্যন্য মাত্ৰা প্ৰদান কৰে । তেনেদৰে “ৰূপকোঁৱৰ কালচাৰেল অৰ্গেনাইজেচন ঢকুৱাখনা”ৰ উদ্যোগতো  নগৰ চাৰিআলিত সুন্দৰৰ পূজাৰী গৰাকীৰ  পবিত্ৰ মৃত্যু তিথি উদযাপিত কৰা হয়।  অৰ্গেনাইজেচনৰ  সাধাৰণ সম্পাদক বিজয় চন্দ্ৰ বৰাই আঁত ধৰা শিল্পী দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষাবিদ ইন্দিবৰ বুঢ়াগোহাঁয়ে।মনোজ্ঞ অনুষ্ঠানত বহুকেইগৰাকী  বক্তাই সুন্দৰৰ পূজাৰীৰ  সৃষ্টিৰাজি আৰু জীৱন দৰ্শনৰ ওপৰত বক্তব্য ৰাখে আৰু  বহুকেইগৰাকী কণ্ঠশিল্পীয়ে  সুললিত কণ্ঠেৰে জ্যোতি সংগীত পৰিবেশন কৰি ৰূপকোঁৱৰৰ সশ্ৰদ্ধ স্মৰণ কৰে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.