মহাৰাষ্ট্ৰৰ অন্যতম ব্যস্ত চহৰ পুণেৰ সৈতে ১৫ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিছে বিমান সেৱা প্ৰদানকাৰী সংস্থা ইণ্ডিগ’ৱে । উল্লেখযোগ্য যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা দৈনিক নিশা ১০.৪০ বজাত পুণে অভিমুখে উৰা মৰা বিমানখন মাজনিশাৰ পাছত ২.১৫ বজাত গৈ পুণে বিমান বন্দৰত অৱতৰণ কৰিব । তেনেদৰে পুণেৰ পৰা দৈনিক মাজনিশা ২.৫০ বজাত বৰঝাৰ অভিমুখে উৰা মৰা বিমানখন পুৱা ৬.০৫ বজাত আহি বৰঝাৰ পাব।আনহাতে ১৫ ডিচেম্বৰৰ নিশা এই উপলক্ষে বৰঝাৰ বিমান বন্দৰত আয়োজিত অনুষ্ঠানত নতুন দিল্লীৰ পৰা মুখ্য অতিথি হিচাপে ভাগ লৈ ভাৰ্চুৱেলযোগে বিমান সেৱাৰ শুভাৰম্ভ কৰে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।তেনেদৰে বৰঝাৰ বিমান বন্দৰত নিশা বন্তি প্ৰজ্বলনৰে গুৱাহাটী – পুণেৰ মাজত বিমান সেৱাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ দক্ষতা বিকাশ , পৰিবহণ , উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।চমু ভাষণত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই পোনপটীয়া বিমান সেৱাৰ দ্বাৰা পুণেত অধ্যয়নৰত হাজাৰ হাজাৰ ছাত্ৰ – ছাত্ৰী উপকৃত হব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত ইণ্ডিগ’ৰ মুখ্য ৰাজহ বিষয়া সঞ্জয় কুমাৰে ভাষণত গুৱাহাটীৰ উপৰিও অসমৰ ডিব্ৰুগড় , শিলচৰ আৰু যোৰহাটৰ সৈতে দেশৰ অন্য প্ৰান্তৰ পৰা সপ্তাহত প্ৰায় ৫০০ তকৈ অধিক বিমান পৰিচালনা কৰি আহিছে বুলি সদৰি কৰে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান