গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব আত্মহত্যা প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

0 182

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ সহযোগত আত্মহত্যা প্ৰতিৰোধ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ধৰনৰ কাৰ্য্যসূচী ৰাজ্যখনত গ্ৰহণ কৰিছে।ৰাজ্যখনৰ জিলা সমূহত থকা জিলা মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ জৰিয়তে বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়ত মানসিক স্বাস্থ্য আত্মহত্যা প্ৰতিৰোধ আদি সন্দৰ্ভত বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰিছে।

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ ৰাজ্যিক কোষে গুৱাহাটী মহানগৰৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়,দিচপুৰ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত আলোচনা চক্ৰ আয়োজন কৰিছিল।সেই উপলক্ষে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্রেক্ষাগৃহত অনুষ্ঠিত সভাখনত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যক্ৰমৰ ৰাজ্যিক পৰামৰ্শদাতা ড০ প্ৰকাশ বৰ্মন, টেলি-মানস ৰ পৰামৰ্শদাতা ড০ নবীন ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কাকতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ছবিনা য়াছমিন শইকীয়া উপস্থিত থাকে। আজিৰ এই সজাগতা সভা খনত মানসিক স্বাস্থ্য আৰু আত্মহত্যা প্ৰতিৰোধ সন্দৰ্ভত বিশদভাবে আলোচনা কৰা হয়। তদুপৰি মানসিক স্বাস্থ্যৰ সমস্যাৰ হেল্পলাইন টেলি-মানস টোল ফ্ৰী নম্বৰ ১৪৪১৬ ব্যবহাৰ সন্দৰ্ভতো সজাগতা সভাখনত আলোচনা কৰা হয়।

Leave A Reply

Your email address will not be published.