গুৱাহাটী ৰেল ষ্টেচনত মুকলি হ’ল তৃতীয় লিংগৰ প্ৰথম খন টি ষ্টল

0 90

প্ৰথমবাৰৰ বাবে গুৱাহাটী ৰেল ষ্টেচনত মুকলি কৰা হ’ল তৃতীয় লিংগৰ প্ৰথমখন টি ষ্টল।ট্ৰেন্স টি ষ্টল’ নামৰে শুকুৰবাৰে গুৱাহাটী ৰে’লৱে ষ্টেছনত এনএফআৰৰ উদ্যোগত আৰু সদৌ অসম হিজৰা সন্থাৰ সহযোগত স্থাপন কৰা হয় চাহৰ বিপনীখন।

উল্লেখ্য যে, ভাৰতীয় ৰে’লৱেত প্ৰথমবাৰৰ বাবে সংযোজন ঘটা এই চাহৰ বিপনী সম্পূৰ্ণৰূপে তৃতীয় লিংগৰ জৰিয়তে পৰিচালিত হ’ব।

অসমৰ হিজৰা কল্যাণ ব’ৰ্ডৰ সহযোগী উপাধ্যক্ষ স্বাতী বিধান বৰুৱাৰ উপস্থিতিত এন এফ ৰে’লৱেৰ মেনেজাৰ অংশুল গুপ্তাই ৰে’ল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্মত চাহ ষ্টলটো উদ্বোধন কৰে।

Leave A Reply

Your email address will not be published.