কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অঙ্কিতাই

0 101

সৰুসজাই ষ্টেডিয়ামত অসম এথলেটিক এছ’ছিয়েচনৰ উদ‍্যোগত আয়োজিত খেল ইণ্ডিয়া ৱ’মেন এথলেটিকছ ২০২৩ প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে অঙ্কিতা শইকীয়াই।

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ খেলুৱৈগৰাকীয়ে নগাঁও জিলাৰ হৈ অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰে। কোকৰাঝাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত প্ৰশিক্ষণ লৈ থকা অঙ্কিতাৰ এই সফলতাই সমাগত অষ্টাদশ ৰাষ্ট্ৰীয় যুৱ এথলেটিক্‌চ চেম্পীয়নশ্বীপত অসম দলত স্থান লাভৰ সুনিশ্চিত কৰিছে।

আনহাতে,কলিয়াবৰৰ দুই উদীয়মান মহিলা ফুটবলাৰ চিমি গগৈ আৰু দীপিকা গগৈ অসম মহিলা ফুটবল দলৰ বাচনি শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিছে। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্ভূক্ত দল ফ্ৰেণ্ডশ্বীপ ক্লাৱৰ হৈ অসমৰ কেইবাখনো মহিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.