ধুবুৰীত সম্পন্ন ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

0 139

ভাৰতীয় জনতা যুৱ মৰ্চাvঅসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভা আজি ধুবুৰী জিলা পুথিভঁৰালত অনুষ্ঠিত হৈ যায় । যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদকদ্বয় তাপস কলিতা আৰু ত্ৰিদীৱজ্যোতি মৰাণে আঁতধৰা সভাখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া ,ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, শঅসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা,যুৱ মৰ্চাৰ প্ৰভাৰী পি এম সাই প্ৰসাদ উপস্থিত থাকে ।

ৰাজ্যখনৰ চল্লিশখন সাংগঠনিক জিলাৰ পৰা ৫শতাধিক প্ৰতিনিধি কাৰ্যকৰ্তা উপস্থিত থকা সভাত অসম চৰকাৰৰ কেবিনেত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি আৰু নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতাৰে সমাজত এক নতুন ধাৰা সৃষ্টি হৈছে । বৰুৱাই কয় যে ইতিমধ্যে স্বচ্ছতাৰে ৫০ হেজাৰ নিযুক্তি হৈ গৈছে,অন্য ৫০ হেজাৰ চাকৰিও কম সময়ৰ ভিতৰতে চৰকাৰে নিযুক্তি দিব ।
উক্ত সভাত ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে অৰ্থনৈতিক দিশৰ পৰাই হওক, কূটনৈতিক দিশৰ পৰাই হওক ভাৰতবৰ্ষই ক্ৰমবৰ্ধমান শক্তিৰূপে বিশ্বসম্প্ৰদায়ৰ সন্মুখত থিয় দিছে।আজিৰ বিশ্বই চাই থাকে, ভাৰতবৰ্ষই কি কৰিব,মোডী ডাঙৰীয়াই কি কব।অৱসৰহীনভাৱে ৰাষ্ট্ৰ হকে কাম কৰা মোডী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই অমৃতকালত ভৰি থৈছে।
ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, দলৰ সাংগঠনিক ভেটি সবল কৰি ৰাখিবলৈ বিজেপিৰ কাৰ্যকৰ্তা সদাই সষ্টম।ভাষণত কলিতাই যুৱ মৰ্চাক অসমৰ আতাইতকৈ শক্তিশালী যুৱ সংগঠন বুলি উল্লেখ কৰি কয় যে , যুৱ মৰ্চাই অসমৰ নতুন প্ৰজন্মক আগুৱাই নিব লাগিব।

Leave A Reply

Your email address will not be published.